23 C
Guwahati

পুনৰ এবছৰলৈ বিক্ৰী নিষিদ্ধ পান মছলা-গুটখাঃ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

- Advertisement -

■ গুটখা, পাণ মচলাৰ ব্যৱসায়ত জড়িত ব্যৱসায়ীসকলৰ বাবে বেয়া খবৰ। অহা ২০২২ বর্ষৰ ছেপ্টেম্বৰলৈ নিষিদ্ধ হ’ব গুটখা, পাণ মচলাৰ বিক্ৰীৰ লগতে প্ৰস্তুতকৰণ। হাৰিয়ানা ৰাজ্যিক খাদ্য আৰু ঔষধ প্ৰশাসনে এই সন্দৰ্ভত আজি এখন জাননী জাৰি কৰি এই সতৰ্কতা জাৰি কৰিছে।

এতিয়াৰ পৰা গুটখা, পাণ মচলা কিনা-বেচা কৰিলেই আইন অনুসৰি অপৰাধী হ’ব যিকোনো লোক। গুটখা, পাণ মচলা প্ৰস্তুত কৰাতো বাধা আৰোপ কৰা হৈছে।

সোমবাৰে ৰাজ্যিক খাদ্য আৰু ঔষধ প্ৰশাসনে এই সন্দৰ্ভত এখন জাননী জাৰি কৰি এক নিৰ্দেশনা যোগেদি উল্লেখ কৰে যে, ২০২২ ৰ ছেপ্টেম্বৰলৈ নিষিদ্ধ হ’ব গুটখা, পাণ মচলা কিনা-বেচাৰ লগতে প্ৰস্তুতকৰণ। ইতিমধ্যে সকলো জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক, খাদ্য পৰিদৰ্শক আৰু আন বিষয়াসকললৈ নিৰ্দেশ দিয়া হৈছে।

বৰ্তমান সময়ত অসম চৰকাৰে এই সিদ্ধান্ত লোৱা নাই। গুটখা, পাণ মচলাৰ কিনা-বেচাৰ ক্ষেত্ৰত কেৱল হাৰিয়ানা চৰকাৰেহে নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা হাৰিয়ানা চৰকাৰে মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ সময়ৰে পৰা জাৰি কৰিছিল।

নতুন নিষেধাজ্ঞা অনুসৰি ইয়াৰ পুনৰ সময়সীমা এবছৰৰ বাবে বৃদ্ধি কৰিছে। ৰাজ্যিক খাদ্য আৰু ঔষধ প্ৰশাসনৰ জাননীত উল্লেখ মতে, ৭ ছেপ্টেম্বৰৰ পৰা ২০২২ চনৰ ছেপ্টেম্বৰ মাহলৈ এই নিৰ্দেশনা বাহাল থাকিব। এই সময়ছোৱাত গুটখা, পাণ মচলাৰ ক্ৰয়-বিক্ৰয় কৰিলে তেনে কাৰ্য অবৈধ বুলি বিবেচনা কৰাৰ লগতে আইন অনুসৰি অপৰাধ হ’ব।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

■ নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীঃ দেওবাৰে নিশা নলবাৰী জিলাৰ মাজমজিয়াত আছুকৰ্মীৰ ওপৰত অচিনাকী দুৰ্বৃত্তইই কৰা আক্ৰমণ...

ৰঙাপৰাত অনুষ্ঠিত অসম গণ পৰিষদ দলৰ ৰঙাপৰা যুৱ পৰিষদৰ...

♦ শোণিতপুৰ জিলাৰ ৭৪নং ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙাপৰাত আজি অসম গণ পৰিষদ দলৰ ৰঙাপৰা যুৱ পৰিষদৰ...

চৰকাৰী উপ-স্বাস্থ্য কেন্দ্ৰ ৰাইজৰ দান বৰঙণিৰে মেৰামতি আৰু নিৰ্মাণঃ...

ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডত আমুল পৰিৱৰ্তনৰ ঢাকঢোল বজাই থকাৰ সময়ত তাৰ সম্পূৰ্ণ ওলোটা ছবি প্ৰতিফলিত হৈছে বঙাইগাঁও জিলাৰ...