24.4 C
Guwahati

চৰকাৰী উপ-স্বাস্থ্য কেন্দ্ৰ ৰাইজৰ দান বৰঙণিৰে মেৰামতি আৰু নিৰ্মাণঃ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপ

- Advertisement -

ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডত আমুল পৰিৱৰ্তনৰ ঢাকঢোল বজাই থকাৰ সময়ত তাৰ সম্পূৰ্ণ ওলোটা ছবি প্ৰতিফলিত হৈছে বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ এটা উপ স্বাস্থ্য কেন্দ্ৰত। চৰকাৰে বজোৱা স্বাস্থ্য খণ্ডৰ আমুল পৰিৱৰ্তনৰ ঢাক ঢোল বাস্তৱত যেন অসাৰ। চৰকাৰী উপ স্বাস্থ্য কেন্দ্ৰত চৰকাৰী আঁচনিৰ পৰিৱৰ্ত্তে ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ আৰু মেৰামতি কৰিছে উপস্বাস্ত্য কেন্দ্ৰৰ গৃহ।

বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ ৩নং জামদহাৰ উপ স্বাস্থ্য কেন্দ্ৰৰ নাজল নাথল অৱস্থা। ১৯৮৩ চনত চৰকাৰে স্বীকৃতি দিয়া এটা উপ-স্বাস্থ্য কেন্দ্ৰৰ এনে অৱস্থা হোৱাত আচৰিত যেন লাগিলেও সচাঁ। এই উপ স্বাস্থ্যকেন্দ্ৰৰ নামত আছে ৬ বিঘা মাটি আবন্টন দিয়া হয় ১৯৯১ চনত। কিন্তু আন্তঃগাঁথনি কোনো উন্নয়ন নহ’ল।

অতিকৈ পিছ পৰা এই অঞ্চলৰ ৰাইজৰ বাবে এই স্বাস্থ্য কেন্দ্ৰটো অতিকৈ মূল্যৱান সম্পদ বুলিয়ে ৰাইজৰ দান-বৰঙনিৰে নিৰ্মাণ আৰু মেৰামতি কৰিছে। এখন বিভিন্ন সুবিধা সম্বলিত গৃহৰ বাবে বহু আবেদন নিবেদন কৰি সুফল পোৱা নাই ইয়াৰ গঞাই। উপায় নাপাই ৰাইজৰ পৰা টকা তুলি গৃহ নিৰ্মাণ কৰে যদিও বৰ্তমান জহিখহি গৈছে। সেয়ে বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক এখন বিল্ডিং দি এই অঞ্চলৰ ৰাইজক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাৰ দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

কবি উজ্জ্বল ডেকালৈ ৰাষ্ট্ৰীয় আম্বেদকাৰ বঁটা

♦ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ কামৰূপ জিলাৰ ৰঙিয়াৰ নিকটৱৰ্তী চাপনীয়া গাঁওৰ নিৱাসী কবি উজ্জ্বল ডেকালৈ ৰাষ্ট্ৰীয় আম্বেদকাৰ...

কৃষ্ণাইৰ বুকুলৈ নামি আহিল ফাগুনৰ প্ৰথম জাক বৰষুণ

◆ কন্দৰ্প কুমাৰ দেৱ নাথ, কৃষ্ণাই● ফাগুনৰ পছোৱা বতাহে আকাশ বতাহ ধুলিময় কৰি তোলাৰ সময়তে ধৰাৰ বুকুলৈ নামি...

ৰঙিয়াত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে সভা

♦ ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আজি ৰাইজৰ দলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰঙিয়া বিধান সভা সমষ্টিৰ...