24.4 C
Guwahati

তিনি বছৰত ৩৮ মিটাৰ দলং, যমৰ যাতনাত ৰাইজ

- Advertisement -
  • শামুকৰ গতিতত চলিছে কোকিলা-গুনিয়ালগুৰী দলংৰ কাম

বঙাইগাঁও-বৰপেটা জিলাৰ সীমান্ত এলেকা কোকিলা-গুনিয়ালগুৰী সংযোগী দলং খন ২০১৮-১৯ বৰ্ষত লাচিত চিলাৰায় আঁচনিৰ অধীনত বিধায়ক আব্দুল হাই নাগৰীয়ে ২০১৮ বৰ্ষৰ ২৭ মে’ তাৰিখে ৩৮.৭৬ মিটাৰ দীঘল ১৬৯.৯৩ কৌটি টকাৰ ব্যয় সাপেক্ষে দলংৰ কাম আৰম্ভ কৰে।

কিন্তু শামুকীয়া গতিত চলিছে দলং নিৰ্মাণৰ কাম। যাৰ বাবে যমৰ যাতনাত ভূগি আহিছে জনসাধাৰণৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। নাম মাত্ৰ এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি দিছিল যদিও সেয়া সাধাৰণ বানৰ ফলতেই নৈৰ সোঁতত উটি যায়।

যাৰ বাবে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিছে ৰাইজ। বৰ্তমান ৰাইজে পকেটৰ পইচাৰে টুলুঙা নাওঁত যাতায়ত কৰিবলগীয়া হৈছে।

ঠিকাদাৰৰ লেহেমীয়া আৰু নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ বাবে ৰাইজে টুলুঙা নাওৰে পকেটৰ টকা দি পাৰাপাৰ অব্যাহত ৰাখিছে। বিগত তিনিটা বছৰে যমৰ যাতনাত ভূগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ জন সাধাৰণ। দৈনিক হাজাৰ হাজাৰ পথচাৰী এইখন ৰাস্তাৰে পাৰাপাৰ হ’বলগীয়া হয়।
লকডাউনৰ আগতে প্ৰায় ১৪ খন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এই খন দলঙেৰে পাৰাপাৰ হৈছে।

বিভিন্ন সময়ত দুই এটা দুৰ্ঘটনা সংঘটিত হোৱাৰো প্ৰমাণ আছে। তাৰ পিছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষ বা ঠিকাদাৰৰ।
আনকি ঠিকাদাৰ জনে পৰ্যাপ্ত পৰিমাণে শ্ৰমিক নিয়োগ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে। ইমান ডাঙৰ এখন দলঙৰ কাম ২-৩ জন শ্ৰমিকেৰে কৰাৰ ৰহস্য কি?এয়া ৰাইজৰ প্ৰশ্ন?

লক ডাউনৰ আগত কাম বন্ধ ৰাখি এতিয়া লক ডাউনৰ সময়ত লকডাউনৰ বাহানা দি খুবেই কম সংখ্যক শ্ৰমিকেৰে কাম কৰি আছে বুলি ৰাইজে জানিবলৈ দিয়ে। সেয়ে বিভাগীয় কৰ্তৃপক্ষক অনুমতি
দলং খনৰ কাম সম্পূৰ্ণ কৰাৰ দাবী জনাইছে যন্ত্ৰণা কাতৰ ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা

বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা জাৰি সন্ধিয়া ৫ বজাৰ পৰিবৰ্তে ১ বজাত বন্ধ কৰিব লাগিব সকলো...

বিগত ৯ বছৰে বিকল গুৰিয়া পানী যোগান আঁচনিঃ কাৰ্যক্ষম...

■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ: কেতিয়া কাৰ্যক্ষম হৈ উঠিব গুৰিয়া পানী যোগান আঁচনি ৷ বিগত...

৩২ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত ১০টা পদক লাভ...

মধ্য প্ৰদেশৰ গোৱালিয়ৰত অনুষ্ঠিত ৩২ সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত ১০টা পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই...