Modal title

Copyright © অসম খবৰ ২০২৪

Modal title

Copyright © অসম খবৰ ২০২৪

20 C
Guwahati

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জৰ বন বিষয়া বনকৰ্মীলৈ সাহসিকতা বঁটা

- Advertisement -

 

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জৰ বন বিষয়া বনকৰ্মীলৈ
সাহসিকতা বঁটা ::

 

শোণিতপুৰ জিলাৰ পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডল তথা
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জৰ বন বিষয়া লগতে সমূহ বনকৰ্মীলৈ
সাহসিকতা বঁটা প্ৰদান বন বিভাগৰ।

বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সাহসিকতাৰ আৰু প্ৰশস্তিপত্ৰ বঁটা প্ৰদান বন বিভাগে শুক্ৰবাৰে।

বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈ নামেৰী বন্যপ্ৰাণী ৰেঞ্জৰ বন কৰ্মী দলটোয়ে চোৰাংচিকাৰীৰ পৰা চাৰিটাকৈ হস্তনিৰ্মিত বন্দুক, এটা গছ কটা মেছিন, তিনিখনকৈ বোল্ডাৰ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰাৰ লগতে চাৰি জন চোৰাংচিকাৰী,
১২ জন দুস্কৃতিকাৰীক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল।

তদুপৰি দেবেশ্বৰ পগাগ নামৰ এটা দুধৰ্ষ চোৰাংচিকাৰীক ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীয়ে মুখামুখি সংঘৰ্ষত গুলীয়াই নিহত কৰিছিল।

তাৰ লগতে কালামাটি বন্যপ্ৰাণী ৰেঞ্জ/ সোণাই- ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মী সকলেও এই সময় ছোৱাত সাহসিকতাৰে কৰ্তব্য সম্পাদন কৰি ২০ টা গছ কটা মেছিন আৰু তিনিটাকৈ হস্তনিৰ্মিত বন্দুক চোৰাং চিকাৰী আৰু দুস্কৃতিকাৰীৰ পৰা জব্দ কৰাৰ লগতে ৯ জনকৈ চোৰাংচিকাৰী আৰু দুস্কৃতিকাৰীক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল।
এই অভিযানৰ কাল ছোৱাত দুবাৰকৈ বনদস্যুৰ আক্ৰমণত চাৰিজনকৈ বনকৰ্মী আঘাটপ্ৰাপ্তও হ’বলগীয়া হৈছিল। উল্লেখযোগ্য যে সাহসিকতাৰ স্বীকৃতি স্বৰূপে ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ আন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ এই সকল বনকৰ্মীক শুক্ৰবাৰে পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনত ৰাজ্যৰ বন- বাহিনীৰ মুৰব্বী ডঃঅলকা ভাৰ্গৱ আৰু প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ডঃ অমিত সাহায়ে প্ৰদান কৰে এই বঁটা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

সৰ্বদিশে অৱহেলিত ঘগ্ৰাপাৰ ষ্টেচন, ৫ বছৰে পোহৰ নিদিয়া ৫...

● শীঘ্ৰে কাৰ্যক্ষম কৰিবলৈ আছু-যুৱ ছাত্র পৰিষদৰ দাবী ■ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰে'ল ষ্টেচন দেশ স্বাধীনতাৰ সময়তে স্থাপন...

পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্য মুকলি

  অক্টোবৰ মাহৰ ভিতৰত মুকলি কৰি দিয়া হ'ব বুলি বনবিষয়া নয়নজ্যোতি দাসে জানিবলৈ দিছিল। ইয়াৰ পাছতে ১৫অক্টোবৰ...

ইজিপ্টত খেলাৰ সুযোগ হেৰুৱালে বৰঙাবাৰীৰ শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালৰ...

  ইজিপ্টত খেলাৰ সুযোগ হেৰুৱালে বৰঙাবাৰীৰ শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালৰ জীয়ৰী মিনাক্ষীয়ে বিশ্বনাথ চাৰিআলিৰ সাধাৰু পাৰত আনৰ ঘৰত কাম...