25.5 C
Guwahati

আন্তঃগাঁথনিগত সংযোগৰ পৰিকল্পনা – গতিশক্তিয়ে একবিংশ শতিকাৰ ভাৰতক গতি প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী মোডী

- Advertisement -

■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নতুন দিল্লীৰ প্ৰগতি ময়দানত মাল্টি-মডেল সংযোগৰ বাবে প্ৰধানমন্ত্ৰী গতি শক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন আৰু ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেচনৰ নতুন প্ৰদৰ্শনী কমপ্লেক্স উদ্বোধন কৰে। তেওঁ প্ৰগতি ময়দানত নতুন প্ৰদৰ্শনী কমপ্লেক্সৰ এটা আৰ্হি প্ৰকাশ কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে একবিংশ শতিকাৰ ভাৰতক বহুমুখী সংযোগ আৰু পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ সৈতে গীতিশক্তি প্ৰদান কৰিব।

একবিংশ শতিকাৰ ভাৰতে পুৰণি চিন্তাধাৰাক এৰি আগবাঢ়ি গৈছে। মাষ্টাৰ প্লেন গাতিশক্তিয়ে আত্মনিৰ্ভৰ ভাৰতক শক্তিশালী কৰিব আৰু লগতে আগন্তুক ২৫ বছৰৰ উন্নয়নমূলক কাৰ্যসূচীৰ ভেটি স্থাপন কৰিব। গীতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে বিনিয়োগকাৰী আৰু দেশৰ নীতি নিৰ্ধাৰণৰ সৈতে জড়িত সকলো অংশীদাৰৰ বাবে এক বিশ্লেষণাত্মক আৰু সিদ্ধান্ত লোৱাৰ সঁজুলিও প্ৰদান কৰিব।

ইয়াৰোপৰি চৰকাৰক কাৰ্যকৰী পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণত সহায় কৰিব। দেশৰ উন্নয়নৰ বাবে এইয়া অতি গুৰুত্বপূৰ্ণ কথা যে আন্তঃগাঁথনিগত বিকাশৰ সৈতে সম্পৰ্কিত সকলো বিভাগ একত্ৰিত হ’ব আৰু ইজনে সিজনৰ সামূহিক শক্তি ব্যৱহাৰ কৰিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে, ভাৰত দ্ৰুত গতিত আগবাঢ়িছে আৰু প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মোদীৰ দূৰদৰ্শিতাৰ প্ৰতীক হিচাপে চিহ্নিত কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
21.6 ° C
21.6 °
21.6 °
73 %
2.7kmh
2 %
Fri
22 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

The Merry Moore is A New Fashion Boutique in...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

NEWS ALERT : ডিব্ৰুগড় জিলাত ঘূর্ণী বতাহৰ ফলত ধাৰাসাৰ...

ডিব্ৰুগড় জিলাত ঘূর্ণী বতাহৰ ফলত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। জিলাখনৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত বিদ্যুৎ যোগান ব্যাহত...

আপোনাৰ EMI দিবলৈ আছে নেকি? অক্টোবৰৰ পৰা নতুন নিয়ম...

■ আপুনি যিকোনো কামৰ বাবে EMI যোগেদি বস্তু নিশ্চয় কিনিছে। বিত্তীয় প্ৰতিষ্ঠান সমূহৰ দ্বাৰা দৈনন্দিন প্ৰয়োজন হোৱা...