21 C
Guwahati

তেজপুৰৰ ১২বছৰীয়া কিশোৰৰ হাতৰ যাদু:

- Advertisement -

 

তেজপুৰৰ ১২বছৰীয়া কিশোৰৰ হাতৰ যাদু:

দশভূজাৰ মৃন্ময় প্ৰতিমা সাজি কৰিব পূজা

তেজপুৰৰ মধ্যপাৰা নিবাসী তথা চেক্ৰেড হাৰ্ট স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আয়ন কুণ্ডুৰ হাতৰ পৰশত গঢ় লৈ উঠিছে দেৱী দুৰ্গাৰ অনন্য সুন্দৰ প্ৰতিমা৷ ১২বছৰীয়া আয়নে পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত প্ৰথম বাৰলৈ দুৰ্গা প্ৰতিমা নিৰ্মানৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷পুত্ৰৰ এই আগ্ৰহৰ বাবে পিতৃ মাতৃয়ে সহাৰি জনো্ৱাত স্বতঃস্ফূৰ্ত ভাবেই আয়নে গঢ়ি তোলে দেবী দুৰ্গাৰ মৃন্ময় প্ৰতিমা৷এজন সুনিপুন খনিকৰৰ দৰেই দশভূজাৰ লগতে গণেশ,সৰস্বতী,কাৰ্তিক,লক্ষ্মী,সিংহ,ময়ুৰ,ৰাজহংস আদিৰ মৃন্ময় প্ৰতিমা গঢ় দিয়া আয়নে যোৱা ১৫আগষ্টৰ পৰা এইবাৰ প্ৰতিমা নিৰ্মানৰ কাম আৰম্ভ কৰে৷দুদিন পূৰ্বে এই মুৰ্তিত ৰং সনা কাম সমাপ্ত কৰি শনিবাৰে বস্ত্ৰ পৰিধান কৰাই প্ৰতিমাত৷এতিয়া এই প্ৰতিমাৰেই কিশোৰজনে নিজা বাসগৃহতে কৰিব দুৰ্গা পূজা৷উল্লেখযোগ্য যে, অঞ্চলটোৰ কিশোৰ কিশোৰী সকলে মিলি সপ্তমীত মহিষাসুৰমৰ্দিনীৰ প্ৰতিমা বেদীত স্হাপন কৰি আয়নে আৰম্ভ কৰিব দুৰ্গতিনাশিনীৰ শাৰদীয় পূজা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

ৰঙিয়াত জব্দকৃত ট্ৰাকত নিশা অগ্নিসংযোগ দুৰ্বৃত্তৰ

ৰঙিয়া থানাৰ সন্মুখত মঙলবাৰে সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ...

ৰঙাপৰা মহাবিদ্যালয়ত বিদ্যাৰ্থী পৰিষদৰ বিনামূলীয়া নামভৰ্ত্তিকৰন সমাপন

● শোণিতপুৰ জিলাৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া নামভৰ্তিকৰন...

প্ৰাচীন লোক-সংস্কৃতি পুতলা নাচক জীয়াই ৰখাৰ চেষ্টাত  শিল্পী পেঞ্চন...

  প্ৰাচীন লোক-সংস্কৃতি পুতলা নাচক জীয়াই ৰখাৰ চেষ্টাত  শিল্পী পেঞ্চন প্ৰাপ্ত্য শিল্পী নাৰায়ণ ডেকা । অসম খবৰ প্ৰতিনিধি নলবাৰী...