24 C
Guwahati

ঘগ্ৰাপাৰত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

- Advertisement -

 

ঘগ্ৰাপাৰত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

১০০ কোটি ভাৰতীয় জনতাক কোভিড ভেকচিন দিয়াৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ আৰু মুখ্য সহযোগিতা আগবঢ়োৱা স্বাস্থ্য কৰ্মী সকলক ৰাজ‍্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বৃস্হপতি বাৰে ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডলৰ উদ‍্যোগত পৈছাৰা কভিড প্ৰতিষেধক কেন্দ্ৰত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ।

উল্লেখ যোগ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত সমগ্ৰ দেশত সফল ভাৱে ১০০ কোটি কভিড প্ৰতিষেধক দিয়াৰ যি অভিলেখ গঢ়িলে তাৰ লগত সংগতি ৰাখি বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ নিৰ্দেশ মৰ্মে স্বাস্থ‍্য কৰ্মী সকলক সম্বৰ্ধনা আৰু এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত বিজেপি কৰ্মী সকলে।

শক্তি কেন্দ্ৰৰ আহ্বায়ক পংকজ বেজবৰুৱাই আঁত ধৰা মত-বিনিময় অনুষ্ঠানটিত বড়িগোগ বনভাগ মণ্ডলৰ বিজেপিৰ সম্পাদক বুবুল দাসে অংশগ্ৰহণ কৰি ভাষণত বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমুহে কেনেদৰে সৰ্বসাধাৰণ ৰাইজক চুই যোৱাৰ কথা সদৰী কৰাৰ লগতে ক’ভিড ভেকচিনৰ উপকাৰিতাৰ কথাও উল্লেখ কৰে।

অনুষ্ঠানটিত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সামাজিক মাধ্যমৰ আহ্বায়ক বিশ্বজ‍্যোতি কলিতা,নলবাৰী জিলা মহিলা মৰ্চাৰ সদস্যা ধৰিত্ৰী ডেকাকে ধৰি ভাৰতীয় জনতা পাৰ্টি বিভিন্ন কাৰ্যকৰ্তা বিষয়ববীয়া সমন্বিতে স্বাস্থ‍্য কৰ্মী সকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

23 Best Women’s Watches 2019 – Top Fashion Watches...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

প্ৰধানমন্ত্ৰীক কৰ্ণাটকৰ খ্ৰীষ্টানসকলৰ ‘সুৰক্ষা’ নিশ্চিত কৰিবলৈ আহ্বান মেঘালয় বিজেপি...

■ মেঘালয়ৰ একমাত্ৰ বিজেপি মন্ত্ৰী চানবৰ শুল্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ চিঠি লিখি কৰ্ণাটকত বাস কৰা খ্ৰীষ্টানসকলৰ "সুৰক্ষা...

নলবাৰীত নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী– সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ স্মৃতি...

"ভাল মানুহক সমাজে যুগে যুগে সন্মান কৰি আহিছে ।"—ৰমানাথ বৰুৱা ■ নলবাৰী : ‘‘অসমীয়া জাতি, সভ্যতা, ভাষা, সংস্কৃতি...