19 C
Guwahati

ৰঙাপৰা প্ৰেছ ক্লাৱৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিতঃ সভাপতি পংকজ নাথক বিশেষ সম্বৰ্ধনা জ্ঞাপন

- Advertisement -

● ১৯৯৩ চনত স্থাপিত হোৱা ৰঙাপৰা প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত সমিতিখনৰ কালি প্ৰথমখন কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। সন্ধিয়া ৬ বজাত ৰঙাপৰাৰ মহাত্মা গান্ধী পথত থকা অস্থায়ী কাৰ্যালয়ত সভাপতি পংকজ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক শশী ভুষণ শৰ্মাই।

সভাত উপস্থিত থকা উপদেষ্টা বলেন চক্ৰৱৰ্তী, আব্দুল ৰহিম, ৰাজেশ পাটোদিয়া আৰু বিমান মণ্ডলে ৰঙাপৰা প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক উদ্দেশ্য কৰি কয় যে, অঞ্চলটোৰ সমস্যা সমূহৰ বাতৰি প্ৰেৰণ কৰাৰ লগতে এখন সুষ্ঠ সমাজ গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব।

কাৰণ ৰঙাপৰাত অন্য সংস্কৃতিয়ে গা কৰি উঠিছে। যি সমাজখনৰ বাবে অতি ক্ষতিকাৰক। ৰঙাপৰা প্ৰেছ ক্লাৱৰ নতুন সমিতিখনৰ দায়িত্ব ক্ৰমান্বয়ে বাঢ়িছে। ৰঙাপৰাত নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুখনৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে প্ৰেছ ক্লাৱৰ দখলত থকা মাটিখিনিত নতুন ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰিবলৈ উপদেষ্টাসকলে পৰামৰ্শ আগবঢ়াই।

লগতে মহামাৰী ক’ভিডে বিধি-পঠালি নিদিলে ৰঙাপৰা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষটি ২০২২ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্টপীয়াকৈ হলেও উদযাপন কৰিবলৈ সভাত তেখেতসকলে পৰামৰ্শ দিয়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সৈতে জড়িত ৰঙাপৰাৰ সাংবাদিকসকলে গৰিমা অটুট ৰাখি আগবাঢ়ি যাবলৈ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা সুনিল ম’ৰে পৰামৰ্শ দিয়ে।

ৰঙাপৰা প্ৰেছ ক্লাৱৰ উপ সভাপতি চাহিনে আহমেদে সাংগঠনিক দিশত গঠনমূলক মন্তব্য দাঙি ধৰে। সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইফালে শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশনত জিলাখনত অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰি অহাত ৰঙাপৰাৰ জ্যেষ্ঠ সাংবাদিক তথা ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি পংকজ নাথক শোণিতপুৰ জিলা সাংবাদিক সন্থাই ‘সাংবাদিক নিৰ্মল দাস সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা’ৰে সন্মানিত কৰাত ৰঙাপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত তেখেতক উক্ত সভাতে ৰঙাপৰা প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন সভাপতি সুনীল ম’ৰে এটা গছৰ পুলি আৰু ফুলাম গামোচাৰে বিশেষ সম্বৰ্ধনা জনায়।

সভাত পংকজ নাথে সকলো সদস্যৰ সহায়-সহযোগিতা কামনা কৰি অনুসন্ধানমূলক বাতৰিত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই। সভাত ৰঙাপৰা প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক ছাজাহান ছেলিম কুৰেছী,সাংগঠনিক সম্পাদক জয়কিশোৰ ঝা, সাংবাদিক ৰাজীৱ নাথে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

বিহালী দক্ষিণ ৰাংছালীত ক’ন্টেইনমেন্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰঃ কন্টেনমেন্ট...

♦ বিহালী পৰা পলাশ প্ৰিয়মঃ বিহালীত সমষ্টিত দৈনিক বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্ত সংখ্যা। সমষ্টিটো ৮০০ ৰো অধিক...

গোৱালপাৰাৰ দহিকটাত হাতী মানুহৰ সংঘাত দূৰীকৰণৰ প্ৰচেষ্টাঃ শালনিত ৰোপণ...

♦ গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাত সৰ্বজনবিদিত৷ দহিকটা অঞ্চলটোও ইয়াৰ ব্যতিক্ৰম নহয়৷ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ...

ৰঙাপৰাত ভূমিকম্পৰ তীব্ৰ জোকাৰণিঃ ৬.৭ ৰিখতাৰ স্কেল প্ৰাবল্যত প্ৰচণ্ড ...

◊ ৰঙাপৰাঃ আজি পুৱাই তিনিটাকৈ ভূমিকম্পই কঁপাই গ’ল সমগ্ৰ অসম। ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ। প্ৰথমটো ভূমিকম্প ৭.৫২ বজাত,...