23 C
Guwahati

গুগলে বন্ধ কৰিলে ১.৬ নিযুত ই-মেইল, আপুনি কি কৰিব? কিন্তু কিয় কৰিবলগীয়া হ’ল?

- Advertisement -

■ বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন হিচাপে পৰিচিত গুগলে শেহতীয়াকৈ ১.৬ নিযুত ই-মেইল বন্ধ কৰিছে। টেক জায়ান্ট গুগলে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ ৰখাৰ বাবে প্ৰৱঞ্চনামূলক উদ্দেশ্যৰ বাবে ব্যৱহৃত ই-মেইলবোৰ ইতিমধ্যে অৱৰোধ কৰিছে বা ব্লক কৰিছে। এই ফিছিং বা প্ৰৱঞ্চনামূলক ই-মেইলবোৰ যোৱা ৬ মাহত বন্ধ কৰা হৈছে।

এই ই-মেইলবোৰ মুখ্যতঃ চাইবাৰ অপৰাধীসকলে তেওঁলোকৰ মালৱেৰ অভিযানৰ অংশ হিচাপে ব্যৱহাৰ কৰিছিল। এই ফিছিং ই-মেইলবোৰৰ উদ্দেশ্য আছিল ইউটিউব একাউণ্ট চুৰি কৰা আৰু ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱহাৰ বৃদ্ধি কৰা। গুগলৰ থ্ৰেট এনালাইচিছ গ্ৰুপে চাইবাৰ ক্ৰাইম অনুসন্ধান গোট, ইউটিউব আৰু জিমেইলকে ধৰি কেইবাটাও সংগঠনৰ দ্বাৰা ৯৯.৬ শতাংশ ফিছিং ই-মেইল চু-বেং অফ কৰিবলৈ সক্ষম হৈছে।

এটা ব্লগপোষ্টত, কোম্পানীটোৱে উল্লেখ কৰে যে, ইতিমধ্যে ৬২,০০০ সুৰক্ষিত ব্ৰাউজিং ফিছিং পেজৰ বাবে সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে, যাৰ ভিতৰত আছে ১.৬ নিযুত ফিছিং ই-মেইল বন্ধ। তেওঁলোকে সফলতাৰে ২,৪০০ ফাইল ব্লক আৰু ৪,০০০ একাউণ্ট উদ্ধাৰ কৰিছে।

গুগলে লগতে কয় যে, চাইবাৰ অপৰাধী বা হেকাৰসকলে ব্যৱহাৰকাৰীসকলক বিভিন্ন লোভনীয় ই-মেইল যেনে বিনামূলীয়া এণ্টিভাইৰাছ, ভিপিএন, মিউজিক প্লেয়াৰ আৰু ফটো এডিটিং ছফ্টৱেৰ আৰু অনলাইন গেম প্ৰেৰণ কৰে। এই ই-মেইলবোৰত ক্লিক কৰাৰ ফলত হেকাৰসকলে তেওঁলোকৰ ইউটিউব চেনেলটো দখল কৰে। পিছত তেওঁলোকে সেইবোৰ বিক্ৰী কৰিছিল বা ক্ৰিপ্টোকাৰেন্সী-কেন্দ্ৰিক প্ৰৱঞ্চনাৰ বাবে ব্যৱহাৰ কৰিছিল।

সেয়েহে গুগলে একাউণ্ট সুৰক্ষাৰ ওপৰত কোনো অজ্ঞাত ই-মেইলত ক্লিক নকৰিবলৈ সকলোকে পৰামৰ্শ দিছে। অজ্ঞাত ই-মেইলত ক্লিক নকৰাৰ উপৰিও, ‘মাল্টি-ফেক্টৰ বা টু ফেক্টৰ’ সুবিধা এক্টিভ কৰিলে একাউণ্টটো সুৰক্ষিত হোৱাৰ সম্ভাৱনা অধিক।

গুগলে এইটোও উল্লেখ কৰি কৈছে যে, গুগলৰ অনুসন্ধানকাৰী দলটোৱে ২০১৯ চনৰ পৰা আৰ্থিকভাৱে অনুপ্ৰেৰিত ফিছিং অভিযানৰ বিৰুদ্ধে কাম কৰি আছে। হেকাৰসকলে কুকি থেফ্ট মালৱেৰৰ জৰিয়তে ইউটিউব ব্যৱহাৰকাৰীসকলক মূলতঃ লক্ষ্য কৰি লৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামত জনজাতীয় লোক সকলে এক অগ্ৰণী...

অসম জনজাতি আৰু অনুসূচীত জাতি গবেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ সহযোগত আৰু অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগ (ভৈয়াম)ৰ উদ্যোগত...

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন

মানৱজাতিৰ ভৱিষ্যৎ মংগলৰ বাবে গছপুলি ৰোপণৰ বিকল্প নাই ★ ■ নলবাৰী : মানৱজাতিৰ ভৱিষ্যৎ মংগলৰ বাবে গছপুলি ৰোপণৰ...

ঘগ্ৰাপাৰত বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত গাওঁ সভাৰ সদস্যসকলৰ মত-...

↔ গঠন হ'ল বড়িগোগ বনভাগ মণ্ডলৰ গাওঁ সভাৰ সদস্য সদস্যা উন্নয়ন সমিতি। নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ...