20 C
Guwahati

কেতিয়া সম্পৰ্ণ হ’ব ঐতিহাসিক গোলাঘাট-যোৰহাট সংযোগী চুঙী পথৰ উন্নীতকৰণ কাম

- Advertisement -

● গোলাঘাটৰ কমাৰবন্ধাৰ পৰা যোৰহাট সংযোগী আহোম যুগৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চুঙী পথটোৰ দুইলেনযুক্ত পথলৈ উন্নীতকৰণ কৰা হ’ব বুলি বিগত বৰ্ষতে ঘোষণা কৰা হৈছিল যদিও কাৰ্যক্ষেত্ৰত সেয়া হৈ উঠা পৰিলক্ষিত হোৱা নাই। আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনতে নিৰ্মাণ হোৱা কমাৰবন্ধাৰ ধোদৰ আলিৰ পৰা যোৰহাট সংযোগী এই পথচোৱা গোলাঘাট আৰু যোৰহাট জিলাক সংযোগ কৰা আটাইতকৈ কম দূৰত্বৰ পথ। এই পথটোৰ কাষতে ঐতিহাসিক দক্ষিণহেঙ্গেৰা বৃহত্তৰ সাপ্তাহিক বজাৰৰ উপৰিও এই পথচোৱা বিভিন্ন ক্ষেত্ৰত গুৰুতপূৰ্ণ পথ হিচাপে বিবেচনা কৰা হয়। এই পথচোৱা উন্নীতকৰণ হ’লে যোৰহাট ৰৰৈয়া বিমান বন্দৰকে ধৰি যোৰহাট মেডিকেল কলেজৰ বাবে ৰোগী অনা-নিয়া কৰাৰ বাবে প্ৰথম এই পথচোৱাকে বাচি লোৱা হয় কিয়নো মাত্ৰ ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা জিলা দুখনক সংযোগ কৰা আটাইতকৈ ছুটী পথ। বৰ্তমান পথচোৱা প্ৰায় জৰাজীৰ্ণ অৱস্থা। সেয়েহে বৰ্তমানৰ চৰকাৰখনে এই পথচোৱাক দুইলেন যুক্ত পথলৈ উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও কাৰ্যক্ষেত্ৰত পথচোৱা উন্নীতকৰণৰ কাম বৰ্তমানেও আৰম্ভ হোৱা নাই। এইক্ষেত্ৰত পথচোৱা অতি সোণকালে মেৰামতি কৰিবলৈ চৰকাৰৰ লগতে সংশ্লিষ্ট বিভাগক দাবী জনাইছে জননী লাইভৰ মু্খ্য সম্পাদক তথা বিশিষ্ট পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ৰঙিয়া আৰক্ষীৰ কঠোৰ পদক্ষেপ

■ ৰঙিয়া: মাৰাত্মক কৰোণা মহামাৰীয়ে তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে, একাংশ অসচেতন ব্যক্তিৰ দৌৰাত্ম্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে কঠোৰ...

দৰং জিলাৰ সানোৱা গৰুখুটি অঞ্চলৰ একমাত্ৰ নাৰী শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাপক...

■ ছিপাঝাৰৰ পৰা ফখৰুদ্দিন আহমেদ, অসম খবৰঃ দৰং জিলা সংমন্ডলৰ অন্তৰ্গত সানোৱা গৰুখুটি অঞ্চলৰ নাৰী শিক্ষানুষ্ঠান জয়মতী...

‘দালাল ৰাজ’ আৰু ভূ-মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা অসম চৰকাৰৰ, ৫২০...

■ যোৱা ৪৮ ঘণ্টাৰ ভিতৰত অসম আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ অভিযানত ৰাজ্যজুৰি ৫২০ জন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে।...