19 C
Guwahati

ASSAM; মাত্ৰ ২ ঘণ্টাৰ ভিতৰত অমিক্ৰ’ন চিনাক্ত কৰিব পৰা পৰীক্ষামূলক কিট উদ্ভাৱন আইচিএমআৰ ডিব্ৰুগড়ৰ

- Advertisement -

■ ডিব্ৰুগড় জিলাৰ লাহোৱালত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) কেন্দ্ৰই এটা বিশেষ কিট প্ৰস্তুত কৰিছে। যি এতিয়ালৈকে আটাইতকৈ সংক্ৰামক হিচাপে উদ্ভৱ হোৱা কোভিড-১৯ ভাইৰাছৰ শেহতীয়া অ’মিক্ৰন প্ৰকাৰটো সহজতে চিনাক্ত কৰিব পাৰিব।

নতুনকৈ উদ্ভাৱন কৰা কিটটোৱে মাত্ৰ ২ ঘণ্টাৰ ভিতৰত কোভিডৰ নতুন প্ৰকাৰটো চিনাক্ত কৰিব পাৰিব বুলি চিকিৎসসকলে দাবী কৰিছে। জ্যেষ্ঠ বিজ্ঞানী ড০ বিশ্বজিৎ বৰকাকতিৰ নেতৃত্বত আইচিএমআৰ বিজ্ঞানীৰ এটা দলে ২৫ নৱেম্বৰত অমিক্ৰ’নৰ প্ৰকাৰৰ জিনোমিক ক্ৰম মুকলি কৰাৰ পিছত কিটটো উদ্ভাৱন কৰিছিল। চিকিৎসকৰ দলটোৱে মাত্ৰ ১০ দিনত এই কিটটো উদ্ভাৱন কৰিছিল।

এইয়া অতি গুৰুত্বপূৰ্ণ যে, কিয়নো বৰ্তমান লক্ষ্য কৰা অনুক্ৰম ব্যৱহাৰ কৰি প্ৰকাৰটো চিনাক্ত কৰিবলৈ নিম্নতম ৩৬ ঘণ্টা সময় লাগে আৰু প্ৰকাৰটো চিনাক্ত কৰিবলৈ গোটেই জিনম অনুক্ৰমৰ বাবে ৪/৫ দিনৰ প্ৰয়োজন।

লক্ষণীয়ভাৱে, কিটটোৱে অমিক্ৰ’ন আৰু কোভিড-১৯ৰ অন্যান্য প্ৰকাৰৰ মাজত পাৰ্থক্য কৰিব পাৰে, আৰু ইয়াক বাহ্যিক বৈধতাৰ বাবে এন.আই.ভি. পুনেলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই যোৱা মাহত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ধৰা পৰাৰ পিছত অমিক্ৰ’নৰ প্ৰকাৰটোক ‘উদ্বেগৰ প্ৰকাৰ’ হিচাপে সন্নিৱিষ্ট কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

ধুবুৰীৰ আটানী ৰাজহ চক্ৰৰ অন্তৰ্গত খানাবাৰী পোনেনয়ানি বজাৰত ভয়াৱহ...

■ ধুবুৰীৰ পৰা আলী আজাত ইছলাম: ধুবুৰীৰ জিলাৰ আটানী ৰাজহ চক্ৰৰ অন্তৰ্গত খানাবাৰী পোনেনয়ানি বজাৰত ভয়াৱহ অগ্নিকাণ্ড...

নলবাৰী ৰেডক্ৰ’চ চোছাইটিৰ উদ্যোগত চিকিৎসক দিৱস উপলক্ষে চিকিৎসকক শুভেচ্ছা

♦ বিশিষ্ট চিকিৎসক বিধান চন্দ্ৰ ৰায়ৰ স্মৃতি দিৱস উপলক্ষে ভাৰতবৰ্ষত উদযাপন কৰি অহা ‘চিকিৎসক দিৱস’ৰ লগত সংগতি...

বিশ্বখ্যাত শিক্ষাবিদ মৌলানা ইছলামুদ্দিনৰ সপোনৰ ৰঙীয়া আৰবী কলেজৰ ভৱিষ্যত...

■ অসমৰ প্ৰথম আৰবী কলেজখনি অবিভক্ত কামৰূপ জিলাৰ ৰঙিয়াত অৱস্থিত। কলেজ খনি ইং ১৯৫৫ চনৰ পহিলা জানুৱাৰীত...