32 C
Guwahati

ভৱিষ্যতে অসমত বিৰোধী শূন্য হ’ব-বিধায়ক কৃষ্ণ কমল তাঁতী; ৰঙাপৰাত ১৮৪ গৰাকীৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান

- Advertisement -

♦শোণিতপুৰ জিলাৰ ৭৪নং ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী চাহ বাগিচাত আজি বিভিন্ন দলৰ ১৮৪ গৰাকী ব্যক্তি বিজেপি দলৰ নীতি আৰ্দশ আৰু বিধায়ক কৃষ্ণ কমল তাঁতীৰ কৰ্মদক্ষতাৰ প্ৰতি আকৃষ্ট হৈ দলটিত যোগদান কৰে৷ দিনৰ ১১ বজাত ফুলবাৰী চাহ বাগিচাৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা সভাত স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীয়ে দলীয় টুপী আৰু মালাৰে পৰিধান কৰাই উক্ত লোকসকলক দললৈ আদৰণি জনায়৷

সভাত বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ভৱিষ্যতে অসমত বিৰোধী শূন্য হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ভৱিষ্যতে অসমৰ প্ৰতিগৰাকী ব্যক্তি ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। জাতিৰ উন্নয়নৰ স্বাৰ্থত তেওঁ প্ৰথম অৱস্থাত ছাত্র ৰাজনীতিৰ সৈতে জড়িত হৈছিল যদিও পৰবৰ্তী সময়ত জাতিৰ উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে বুলি উল্লেখ কৰে।

ভাৰতীয় জনতা পাৰ্টীত কাৰ্য্যকৰ্তা সকলক আগ স্থান তথা জেষ্ঠ কাৰ্য্যকৰ্তা সকলক সন্মান দিয়া হয়।দলক ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত কাৰ্য্যকৰ্তাৰ প্ৰয়োজন বুলি নিজৰ ভাষনত উল্লেখ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ মূল লক্ষ্য হৈছে দেশৰ সৰ্বস্তৰ লোকৰ কাৰণে কাম কৰা। শোণিতপুৰ জিলা বিজেপিৰ সভাপতি বাতাছ ওৰাংয়ে বিজেপি দলক মহাসাগৰৰ লগত তুলনা কৰি কয় যে, বিজেপি দলত সকলো সমান আৰু দলৰ সুকীয়া নীতি আদৰ্শ আছে আৰু সেয়েহে এই দলত বিভাজন হোৱা দেখা পোৱা নাযায়।

শোণিতপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক কেশৱ উপাধ্যায়ে আঁত ধৰা সভাত শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেন, শোণিতপুৰ জিলা বিজেপিৰ সম্পাদক ধ্ৰুৱজ্যোতি কুৰ্মী, বিজেপি ৰাজ্যিক কিষান মৰ্চাৰ উপ সভাপতি মৃনাল শইকীয়া, তেজপুৰ নগৰ উন্নয়ন পৰিষদৰ সভাপতি বিৰাজ নাথ, শোণিতপুৰ জিলা বিজেপি মহিলা মৰ্চাৰ সম্পাদিকা এমি শৰ্মা, শোণিতপুৰ জিলা বিজেপি কিষান মোৰ্চাৰ সম্পাদক পৰাগ তামুলী, জিলা বিজেপি সামাজিক মাধ্যমৰ সদস্য ৰানা ভাটিয়া প্ৰমূখ্য কৰি বহু সংখ্যক লোক উপস্থিত থাকে৷ সভাত বিধায়কগৰাকীয়ে বিজেপি দলৰ নীতি আদৰ্শ আৰু সাংগঠনিক দিশৰ ওপৰত আলেকপাত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
31.5 ° C
31.5 °
31.5 °
27 %
3.1kmh
85 %
Tue
35 °
Wed
36 °
Thu
37 °
Fri
36 °
Sat
33 °

More like this

কৃষ্ণাইৰ ভেলাখামাৰত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক এ,কে,ৰশিদ...

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই উন্নয়ণ খণ্ডৰ অন্তৰ্গত ভেলাখামাৰত আজি এটা গুৰুত্বপূৰ্ণ গ্ৰাম্যপথৰ...

Assam HSLC &| HS Exam 2022: ১৫ মাৰ্চৰ পৰা...

বৃহস্পতিবাৰে সৰ্বশিক্ষা অভিযান মিছনত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা ১৫ মাৰ্চৰ...

প্ৰধানমন্ত্ৰী মোডীৰ অধীনত চৰকাৰ বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ...

■ গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে নতুন দিল্লীত বাওঁপন্থী উগ্ৰবাদৰ ওপৰত এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। অনুষ্ঠানত ভাষণ...