১৯ বছৰ অনুৰ্ধৰ বিশ্বকাপ ক্ৰিকেটৰ ৪ বাৰৰ চেম্পিয়ন ভাৰতে অহা ২০২২ চনত হ’বলগীয়া বিশ্বকপৰ বাবে ১৭ জনীয়া দলটোৰ নাম ঘোষণা কৰিছে। ২০২২ চনৰ ১৪ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈকে বিশ্বকাপ অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে, দক্ষিণ আফ্ৰিকা, আয়াৰলেণ্ড, উগাণ্ডাৰ সৈতে ভাৰতক গ্ৰুপ বি-ত অন্তৰ্ভুক্ত কৰা হৈছে। দিল্লীৰ বেটছমেন য়শ ডুলে ভাৰতীয় দলটোক মূলতঃ নেতৃত্ব দিব।
২০২২ চনৰ বিশ্বকাপত ১৬টা দলে সৰ্মুবঠ ৪৮ খন খেল খেলিব। ভাৰতে গুয়ানাৰ প্ৰভিডেণ্ড ষ্টেডিয়ামত অহা ১৫ জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব।
১ আৰু ২ ফেব্ৰুৱাৰীত বিশ্বকাপৰ ছেমি ফাইনেলৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতেৰু ৫ ফেব্ৰুৱাৰীত ফাইনেল খেল অনুষ্ঠিত হ’ব।