24.4 C
Guwahati

প্ৰয়াগৰাজত প্ৰধানমন্ত্ৰী মোডীৰ ঘোষণা; আত্মসহায়ক গোটৰ বেংক একাউণ্টলৈ ১হাজাৰ কোটি টকা হস্তান্তৰ কৰা হ’ব

- Advertisement -

♦ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ২লাখতকৈও অধিক মহিলাই ভাগ ল’য়। তেওঁ এই অনুষ্ঠানত বিভিন্ন আত্মসহায়ক গোটৰ বেংক একাউণ্টলৈ ১হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। এই উদ্যমৰ পৰা আত্মসহায়ক গোটৰ সৈতে জড়িত ১৬ লাখতকৈও অধিক মহিলা উপকৃত হ’ব বুলি মোডীয়ে উল্লেখ কৰে। দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত এই ধনৰাশি হস্তান্তৰ কৰা হ’ব। আত্মসহায়ক গোটসমূহক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰে চলোৱা অবিৰত প্ৰচেষ্ঠাকলৈ সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, জীৱনৰ বিভিন্ন স্তৰত কন্যা সন্তানক সাহায্য প্ৰদানৰ উদ্দেশ্য ৰূপায়ণ কৰা মুখ্যমন্ত্ৰী সুমংগল আঁচনিৰ ১ লাখতকৈও অধিক হিতাধিকাৰীলৈও ধন হস্তান্তৰ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে ২০২টা পৰিপূৰক পুষ্টিকৰ খাদ্য উৎপাদন গোটৰ আধাৰশিলা স্থাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °
SourceAIR

More like this

টিহুত বিহু নাচ আৰু জেং বিহু নাচৰ প্ৰশিক্ষণ শিৱিৰ...

● বিহুৰ পৱিত্ৰতা ৰক্ষা কৰিব নোৱৰাটো আমাৰ বাবে অতি পৰিতাপৰ বিষয় নলবাৰী : বিহু অসমীয়াৰ পৱিত্ৰ অনুষ্ঠান ।...

নলবাৰী জিলা সাহিত্য সভাৰ ভাষাবিদ ডঃ বাণীকান্ত কাকতিক স্মৰণ

● নলবাৰী : "ডঃ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাক শক্তিশালী ৰূপত ঠিয় কৰাইছে । অসমীয়া জাতি জীয়াই থকালৈকে...

মঙ্গলদৈ জিলা(সাংগঠনিক) জমিয়তৰ নিৰ্বাচনী সাধাৰণ সভা সম্পন্ন

■ ছিপাঝাৰৰ পৰা ফখৰুদ্দিন আহমেদ ||মঙ্গলদৈ জিলা (সাংগঠনিক) জমিয়তৰ ২০২১- ২২ জিলা কাৰ্যনিৰ্বহক সমিতি খনি গঠনৰ বাবে...