♣ সমগ্ৰ দেশতে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ভিন্ন উৎসৱৰ বতৰ শেষ হোৱাৰ লগে লগে কোভিডৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি স্বাস্থ্য মন্ত্ৰালয়ে আশংকা কৰিছিল। সেই আশংকা যেন সত্য প্ৰমাণিত হৈছে। সমগ্ৰ দেশত যোৱা এক সপ্তাহক দৈনিক কোভিড সংক্ৰমণৰ ঘটনা ৪৩০.৮৩ শতাংশ বৃদ্ধি পাইছে।


যোৱা ২৮ ডিচেম্বৰৰ পৰা দেশত কৰোনা ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ২৮ ডিচেম্বৰত আক্ৰান্তৰ সংখ্যা আছিল ৬,৩৫৮ জন। মাত্ৰ সাত দিনৰ পিছত, আজি ৩জানুৱাৰীত কোভিড ৰোগীৰ সংখ্যা ৩৩,৭৫০লৈ বৃদ্ধি পালে। অৰ্থাৎ দৈনিক সংক্ৰমণ প্ৰায় ৪৩১ শতাংশ বৃদ্ধি পাইছে। প্ৰতিটো কোভিড সংক্ৰমণৰ ঘটনাত বৰ্তমান মহাৰাষ্ট্ৰ শীৰ্ষত আছে। যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত মুঠ ১১,৮৭৭ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে। ঠিক একে সময়তে পশ্চিম বংগ মহাৰাষ্ট্ৰৰ পিছতে আছে। পশ্চিম বংগত এটা দিনত মুঠ ৬,১৫৩ জন লোক আক্ৰান্ত হৈছে।
স্বাস্থ্য বিভাগে জনোৱা মতে, আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে যদিও মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে। কালি অৰ্থাৎ দেওবাৰৰ দিনটোত দেশত মুঠ কোভিডত মৃত্যুৰ সংখ্যা আছিল ২৮৪ জন। কিন্তু এদিন পিছত, অৰ্থাৎ আজি সোমবাৰে, মৃত্যুৰ সংখ্যা ১২৩ লৈ হ্ৰাস পাইছে। একে সময়তে, দৈনিক সুস্থতাৰ হাৰও বৃদ্ধি পাইছে।

ইয়াৰ লগতে, কৰোনাৰ নতুন প্ৰকাৰ অ’মিক্ৰন আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। সমগ্ৰ দেশত যোৱা ২৪ ঘণ্টাত, ১,৭০০ জন লোক অ’মিক্ৰণত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত অ’মিক্ৰণ আক্ৰান্তৰ শীৰ্ষ স্থানত আছে। মহাৰাষ্ট্ৰত এই ৰোগত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা ৫১০ লৈ বৃদ্ধি পাইছে। ইয়াৰ পিছত আছে দিল্লী। দিল্লীত অ’মিক্ৰন আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৫১জনলৈ বৃদ্ধি পাইছে।

পশ্চিমবংগত সম্প্ৰতি কোভিডৰ অনিয়ন্ত্ৰিত সংক্ৰমণ ঘটনাক লৈ স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰিছে। পশ্চিমবংগৰ ৰাজ্য চৰকাৰেও এই পৰিৱেশত ১৫ জানুৱাৰীলৈকে কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰি নীতি-নিৰ্দেশনা জাৰি কৰিছে।
