34 C
Guwahati

কবিতা গণসংযোগী হোৱা দৰকাৰ—কবি প্ৰণৱ কুমাৰ বৰ্মন

- Advertisement -

■ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত উন্মোচন ‘সূৰুযমুখীৰ হাঁহিত বেদনাৰ ৰং’

নলবাৰী : আধুনিক কবিতাৰ কবিসকল সচেতন হোৱা উচিত । কবিসকল সমাজৰ একোটি অংগ । সেয়ে কবিতা গণসংযোগী হোৱা দৰকাৰ । এইবেলিৰ গ্ৰন্থমেলাত এশখনতৈও অধিক কাব্যগ্ৰন্থ উন্মোচন হৈছে । এয়া অসমীয়া কাব্যসাহিত্যৰ বাবে অতি শুভ লক্ষণ । এই বক্তব্য অসমৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ২০ জানুৱাৰীত বসন্ত কুমাৰ শৰ্মা আৰু হীৰামণি তালুকদাৰৰ ‘সূৰুযমুখীৰ হাঁহিত বেদনাৰ ৰং’ শীৰ্ষক নৱতম কাব্যগ্ৰন্থখনি শুভ উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত কবিগৰাকীয়ে লগতে কয় যে নলবাৰী কবিতাৰ চহৰ হিচাপে ইতিমধ্যে খ্যাতি লভিছে এই কথাও গৰ্বেৰে ক’ব পাৰি যে নলবাৰীৰ কবিসকল অসমৰ আন কবিসকলতকৈ পৃথক । কাব্যগ্ৰন্থখনিৰ আন এগৰাকী উন্মোচক নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতাই কবিতাৰ বিভিন্ন দিশৰ বিষয়ে বিৱৰি কয় । জিলা সাহিত্য সভাৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত হোৱা গ্ৰন্থ উন্মোচনী সভাত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠানৰ আঁত ধৰি সভাৰ উদ্দেশ্য বিৱৰি কয় । জিলা সাহিত্য সভাৰ শিল্পীসকলে গোৱা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ কৰা সভাখনত জিলা সাহিত্য সভাৰ জনগোষ্ঠীয় সমন্বয় সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ ৰবীন দাস, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোলক পাঠক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই বিশিষ্ট আলহী হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে । অনুষ্ঠানত গ্ৰন্থখনৰ কবিদ্বয় বসন্ত কুমাৰ শৰ্মা আৰু হীৰামণি তালুকদাৰেও কাব্যপুথিখন ৰচনাৰ আঁৰৰ বিষয়ে বিৱৰি কয় । সভাৰ পূৰ্বে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ সন্মুখত থকা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুৱাকুছি শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি মইনুল হক চৌধুৰীয়ে । বিশিষ্ট শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য বিপুল চক্ৰৱৰ্তীয়ে । নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হেম বৰুৱা বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন্দ্ৰ মোহন তালুকদাৰে । অসম সংগীতেৰ অনুষ্ঠান সামৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
35.8 ° C
35.8 °
35.8 °
15 %
3.5kmh
97 %
Tue
35 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

লাল কৃষ্ণ আদৱানিলৈ ভাৰত ৰত্ন

বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানিক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ...

‘জোনাক এটি প্ৰচেষ্টা’ৰ উদ্যোগত নলবাৰীত খাদ্য, পানী বিতৰণ

♣ক'ভিড মহামাৰীৰ বাবে জাৰি কৰা নিৰ্দেশাৱলীৰ বাবে বহুজনৰ আয়ৰ পথ ৰুদ্ধ হৈ পৰিছে। সেয়ে ক'ভিদ প্ৰত্যাহ্বানৰ মাজত...

শিৱসাগৰত দিখৌ নৈৰ ব্যাপক গড়া খহনীয়া।

♦নিৰৱ ভূমিকা পালন কৰিছে ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে। শিৱসাগৰ জিলাৰ হাঁহচৰা মণিপুৰী তিনিআলিত দিখৌ নৈৰ ব্যাপক গড়া খহনীয়া। গড়া...