24 C
Guwahati

Viral Video: তাঞ্জানিয়াৰ কিলি পল গ্ৰুভছৰ ভাইৰেল কাচা বাদাম গীত | Watch Now

- Advertisement -

Viral Video: যোৱা কিছুদিন আগতে এগৰাকী কোৰিয়ান মাতৃ-কন্যাৰ যুটিৰ পিছত, এইবাৰ তাঞ্জানিয়াৰ কিলি পলকো অতি ভাইৰেল হোৱা কাচা বাদাম গীতত নচা দেখা গ’ল৷ কিছুদিনৰ আগতে, পশ্চিম বংগৰ এজন বাদাম বিক্ৰেতাই তেওঁৰ বাদাম বিক্ৰী কৰিবলৈ এটা চুপাৰ আকৰ্ষণীয় জিংগল ৰচনা কৰাৰ পিছত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। সেই বিশেষ ভাইৰেল ভিডিঅ’ত, ভুৱন বাদ্যকাৰ নামৰ বাদাম বিক্ৰেতাগৰাকীয়ে তেওঁৰ বাদাম কিনিবলৈ যোৱা এজন গ্ৰাহকসকলক তেওঁৰ পৰা বাদাম কিনিবলৈ আকৰ্ষিত কৰিবৰ বাবে ‘বাদাম বাদাম, কাচা বাদম’ গীতটো গাই থকা ভিডিঅ’ত দেখা গৈছিল। গানটো ইনষ্টাগ্ৰাম, ফেচবুক আৰু অন্যান্য সামাজিক মাধ্যমত ব্যাপকভাৱে শ্বেয়াৰ হোৱা দেকা গৈছিল। বাদাম বিক্ৰেতাগৰাকীৰ বাংলা গানটো ইমানেই ভাইৰেল হৈ পৰিছে যে আন দেশৰ লোকেও এতিয়া একেটা গীততে নৃত্যৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এগৰাকী কোৰিয়ান মাতৃ-কন্যাৰ যুটিৰ পিছত, তাঞ্জানিয়াৰ কণ্টেণ্ট ক্ৰিয়েটৰ কিলি পলকো আকৰ্ষণীয় গানটোত আকৰ্ষণীয় ভংগীমাৰে নচা ভিডিঅ’ শ্বেয়াৰ কৰিছে৷

| Watch Now

লক্ষণীয়ভাৱে, কিলি বলীউডৰ জনপ্ৰিয় গানবোৰত লিপ-চিংক আৰু নৃত্য কৰি ভাৰতত সামাজিক মাদ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। এইবাৰ, তেওঁ পৰম্পৰাগত মাচাই পোছাক পিন্ধি ভাইৰেল হোৱা বাদাম বিক্ৰেতাৰ বঙালী গীতটোত নৃত্য কৰি সামাজিক মাধ্যমত দৰ্শকসকলক মনোৰঞ্জন দিছে। তেওঁ ভিডিঅ’টোৰ শিৰোনাম দিছে, ‘কাচা বাদাম, এই গীতটোত মোৰ কেমেৰা মেন আজি ভয়ংকৰ আছিল বাবে ভাল হোৱা নাই, আশা কৰোঁ আপুনি যিকোনো ধৰণে ভাল পাব।’

ভাইৰেল ভিডিঅ’টোৱে ২,৪৯,৪১৭ টাতকৈও অধিক লাইক লাভ কৰিছে আৰু বৰ্তমানেও শ্বেয়াৰ হোৱাৰ লগতে অনুৰাগীসকলে দৰ্শন কৰিয়েই আছে৷ বহুলোকে তেওঁৰ এনে আশ্চৰ্যকৰ নৃত্য দক্ষতাৰ বাবে তেওঁক প্ৰশংসা কৰিছিল আৰু মন্তব্য শাখাটো ভিন্ন ইমোজিৰে ভৰাই তুলিছিল। কোনো এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি লিখিছিল, ‘ৱাও, আপুনি ইমান ভালদৰে নৃত্য কৰে।’

লক্ষণীয়ভাৱে, কিলি পলে তেওঁৰ ভগ্নী নীমা পলৰ সৈতে শ্বেৰশ্বাহৰ গান ‘ৰাতান লম্বিয়ান’ৰ সৈতে লিপ-চিংক কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হোৱাৰ পিছত খ্যাতি লাভ কৰিছিল আৰু আনকি সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছ্ল। ১.৪ নিযুত ইনষ্টাগ্ৰাম অনুসৰণকাৰী থকা পলে বলীউডৰ অন্যান্য হিট গানবোৰো ৰিল তৈয়াৰ কৰিছে আৰু ভাৰতীয় দৰ্শকৰ এক বৃহৎ অনুৰাগী ইতিমধ্যেই লাভ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °
SourceIndia.Com

More like this

ROSELIM WITH USHA UTHUP, THE WELL-KNOWN SINGER OF INDIA,...

Musician Roselim's Music has acclaimed due respect in the music world. The Multi-talented International Musician Miss Roselim...

গাংমৌথান টোকাৰী গীত শুভ মুক্তি :গীতটো শুনিবলৈ চাওঁ আহক

গাংমৌথান টোকাৰী গীত শুভ মুক্তি : ডিজিটেল অসম খবৰ ৯ আগষ্ট :: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অতিবাহিত কৰা পবিত্ৰ...

Rick Saves Evelyn | The Mummy (1999) | All...