■ ধুবুৰীৰ পৰা আলী আজাত ইছলাম, অসম খবৰঃ আজি সমগ্ৰ ৰাজ্যতে সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে মাহামায়া উন্নয়ণ খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা উপৰিও চৰকাৰলৈ বহুকেইটা দাবী উত্থাপন কৰে৷
দাবী সমূহঃ
◾৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা
◾ সকলো কৰ্মচাৰীৰ R.O.P ৰ ব্যৱস্থা কৰা
◾ সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা
◾চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা
◾বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা/যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিত কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা
◾অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী৷
এই দৰে দাবী লৈ ঠিকাভিত্তিক কৰ্মচাৰী সকলে হাতে হাতে ফ্লেগ, কাৰ্ড লৈ প্ৰতিবাদ কৰিব লগীয়া হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ লগতে বিভিন্ন শ্লগানেৰে পৰিস্থিতি উত্তাল কৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু অসম চৰকাৰক আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে।