24 C
Guwahati

মণিপুৰ বিধানসভা নিৰ্বাচনৰ দিন সলনি নিৰ্বাচন আয়োগৰ

- Advertisement -

♦নিৰ্বাচন আয়োগে মণিপুৰ বিধানসভা নিৰ্বাচনৰ দিন সলনি কৰিছে। সেই অনুসৰি ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পূৰ্বে নিৰ্ধাৰিত ২৭ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২৮ ফেব্ৰুৱাৰী আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৩ মাৰ্চৰ পৰিৱৰ্তে ৫ মাৰ্চত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, নিৰ্বাচনী কাৰ্যসূচী সমীক্ষা কৰিবলৈ নিৰ্বাচন আয়োগৰ এটা দলে অলপতে মণিপুৰ ভ্ৰমণ কৰিছিল। এই দলটোৱে মণিপুৰৰ ৰাজনৈতিক দল, মুখ্য সচিব, আৰক্ষী অধীক্ষক আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছিল। ইয়াৰ পাছতে ৰাজ্যখনত নিৰ্বাচনৰ দিন সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাজেশ আগৰৱালে কৈছে যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো বিষয়া-কৰ্মচাৰী ইতিমধ্যে নিজ নিজ স্থানত উপস্থিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °
SourceAIR | Ghy

More like this

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আবদ্ধ ৰঙিয়াৰ মনিষা ৱাহিদ নামৰ একৰাকী ছাত্ৰী

■ ৰঙিয়াৰ নিকটৱৰ্তী কাজিগাঁৱৰ এগৰাকী মেধাবী ছাত্ৰী মনিষা ৱাহিদ।চাৰিবছৰ পূৰ্বেই বৰ্তমান যুদ্ধবিধ্বস্ত ইউক্ৰেইনলৈ চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ...

প্ৰধানমন্ত্ৰী মোডীয়ে জয়পুৰত ইনষ্টিটিউট অৱ পেট্ৰ’কেমিকেলছ টেকন’লজী উদ্বোধন কৰিব;...

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আজি পুৱা ১১ বজাত জয়পুৰৰ চিপিইটিঃ ইনষ্টিটিউট অৱ পেট্ৰ'কেমিকেলছ টেকন'লজী...

প্ৰসিদ্ধ চিত্ৰশিল্পী গৌৰী বৰ্মনক নলবাৰী জিলা সাহিত্য সভাৰ স্মৰণ

● কলা–সংস্কৃতি গৌৰী বৰ্মনৰ জীৱনৰ আগফাল আৰু পিছফাল আছিল — সাহিত্যাচাৰ্য ডঃ বসন্তকুমাৰ ভট্টাচাৰ্য পংকজ বেজবৰুৱা, নলবাৰী :...