20 C
Guwahati

ভাৰত ডায়নেমিক্স লিমিটে—BDL-ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰ্যালোচনা মন্ত্ৰী ৰাজনাথ সিঙৰ

- Advertisement -

♦ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি হায়দৰাবাদত ভাৰত ডায়নেমিক্স লিমিটে—BDL-ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ইয়াৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰে। বিডিএলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক নৌ অধ্যক্ষ সিদ্ধাৰ্থ মিশ্ৰই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক কোম্পানীটোৰ বিভিন্ন চলিত পৰিকল্পনাসমূহৰ প্ৰগতিৰ বিষয়ে অৱগত কৰে। বিডিএলৰ হাতত চলিত মাহৰ প্ৰথম অৱস্থাত কনকাৰচ এমকে ধৰি ১১ হাজাৰ কোটি টকাতকৈও অধিক অৰ্ডাৰ আছে। আগন্তক দিনবোৰত কোম্পানীটোৱে আৰু অধিক অৰ্ডাৰ পাব বুলি আশা প্ৰকাশ কৰিছে। অনুসন্ধান আৰু বিকাশ নিৰ্বাচন আয়োগৰ খণ্ডই আৰক্ষী দলৰ বাবে অত্যাধুনিক সা-সৰঞ্জাম বিকশিত কৰাৰ বাবে এ আইৰ দৰে বিকশিত প্ৰদ্যোগিকৰো সুবিধা গ্ৰহণ কৰি আছে। জ্যেষ্ঠ বিষয়াসকলে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সুৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা লাভ কৰাৰ বাবে কোম্পানীয়ে কোনেধৰণে কাম কৰি আছে সেই বিষয়েও অৱগত কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শ্ৰী ৰামাণুজাচাৰ্য্যৰ ষ্টেচু অৱ ইকুৱেলিটিও ভ্ৰমণ কৰে। তেওঁ হায়দৰাবাদৰ ওচৰৰ মুচিনটলত শ্ৰীৰামাণুজাচাৰ্য্যৰ সহস্ৰাব্দি উৎসৱৰ অংশ হিচাপে আয়োজিত হ’বলগীয়া বিভিন্ন অনুষ্ঠানটো অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
SourceAIR | Ghy

More like this

‘যিসমূহ নামে ইতিহাসক প্ৰতিনিধিত্ব নকৰে, সেই সমূহ নাম ক্ৰমান্বয়ে...

➤ৰাজ্যৰ গাঁও, চহৰ, জিলাৰ যিসমূহ নাম সাংবিধানিক নহয়, সেই সমূহ নাম ক্ৰমান্বয়ে সলনি কৰা হ’বঃ মুখ্যমন্ত্ৰী ➤অসমৰ বহু...

ভাৰতৰ কোভিড-১৯ প্ৰতিষেধক প্ৰদানৰ সীমা ১০৩ কোটি ৪৮ লাখ...

● ভাৰতত কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদান ১০৩ কোটি ৪৮ লাখৰ সীমা অতিক্ৰম কৰিছে। মুঠ প্ৰতিষেধকৰ ভিতৰত, ৭২ কোটিতকৈও...

মাজুলী নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ শোক প্ৰকাশ আলফা স্বাধীনৰ 

  মাজুলী নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ শোক প্ৰকাশ আলফা স্বাধীনৰ  অসম খবৰ যোৰহাট ৯ ছেপ্টেম্বৰ : বুধবাৰে আবেলি প্ৰায় ৫...