19 C
Guwahati

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৬০ শতাংশতকৈও অধিক ভোটগ্ৰহণ

- Advertisement -

♦ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ কালি প্ৰথম পৰ্যায়ত ৬০ শতাংশতকৈও অধিক ভোটগ্ৰহণ হয়। এই পৰ্যায়ত ৰাজ্যখনৰ ১১ খন জিলাৰ ৫৮ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে ৭৩ গৰাকী মহিলা। প্ৰায় ২ কোটি ২৮ লাখ ভোটদাতাই এই নিৰ্বাচনত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত ৭টা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
কালি ভোটগ্ৰহণ হোৱা জিলাকেইখন হৈছে- ছামলি, মীৰাত, হাপুৰ, মুজাফ্ফৰনগৰ, বাঘপট, গাজিয়াবাদ, বুলন্দ চহৰ, আলীগড়, আগ্ৰা, গৌতম বুদ্ধ নগৰ আৰু মথুৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিৰ প্ৰধান প্ৰাৰ্থীসকলৰ ভিতৰত আছে উত্তৰাখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল বেবীৰাণী মৌৰ্য, সুৰেণ ৰাণা, শ্ৰীকান্ত শৰ্মা আৰু চৌধুৰী লক্ষ্মী নাৰেইনকে ধৰি ৯ জন মন্ত্ৰী, ৰাজ্যিক সাধাৰণ সচিব পংকজ সিং তথা সংগীত চ’ম, সত্যবীৰ ত্যাগী আৰু মৃগাংক সিং। সমাজবাদী পাৰ্টীৰ হৈ প্ৰাক্তন মন্ত্ৰী চাহিদ মঞ্জুৰৰ লগতে নাহিদ হাচান, সঞ্জয় লাঠাৰ আৰু সুনীল চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে ৰাষ্ট্ৰীয় লোক দলৰ হৈ অৱতাৰ সিং ভাড়ানা, ৰাজপাল, গজৰাজ সিং, তেজপাল সিং আৰু মনীষ আহ্লাৱাতে প্ৰাৰ্থীত্ব আগবঢ়াইছে। কংগ্ৰেছ দলৰ উপেন্দ্ৰ সিং আৰু পংখুৰী পাঠক আৰু আম আদমী পাৰ্টীৰ বিশিষ্ট নেতা পংকজ আৱানাই এই পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।
উল্লেখযোগ্য যে, ভোটগ্ৰহণ প্ৰক্ৰিয়াত কোৱিড ৰোগীসকলৰ বাবে দিনটোৰ শেষৰটো ঘণ্টা আছুতীয়াকৈ ৰখা হয়। ভোটগ্ৰহণৰ সময়ো ১ঘণ্টা বৃদ্ধি কৰা হয়।
ৰাজ্যখনত হ’বলগীয়া আন আন পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ গতিত চলি আছে। ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰি অন্যান্য দলসমূহৰ নেতাসকলেও কালি নিজৰ নিজৰ প্ৰতিদ্বন্দ্বীৰ সমৰ্থনত প্ৰচাৰ কাৰ্য চলায়। প্ৰধানমন্ত্ৰী শ্ৰীমোডীয়ে কালি উত্তৰ প্ৰদেশৰ চাহাৰাণপুৰত এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে, ৰাজ্যত উন্নয়নৰ প্ৰয়োজন হৈছে। বিৰোধীপক্ষক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, পূৰ্বৰ চৰকাৰে কেৱল নিজৰ পৰিয়ালৰ উন্নতিৰ হকেহে কাম কৰিছিল। কিন্তু যোগী আদিত্য নাথৰ চৰকাৰে সমাজৰ সকলো ব্যক্তিৰ উন্নতিৰ বাবে কাম কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীসহ আন আন দলীয় নেতাসকলে আজিও উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °
SourceAIR | Ghy

More like this

ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ ■ ৰঙিয়াৰ স্বাভিমানী আৰু বীৰ পুৰুষ সকলৰ বংশধৰ ৰঙিয়াৰ ৰাইজে মিলি প্ৰতি...

অষ্ট্ৰেলিয়াই ভাৰতক ৭ উইকেট পৰাস্ত কৰি আই চি চি...

♦আই চি চি বিশ্বকাপ ক্রিকেটৰ ফাইনেলত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৭ উইকেট পৰাজিত হৈছে। ভাৰতে আজি আহমেদাবাদৰ নৰেন্দ্ৰ...

খাৰখোৱা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদ্মধৰ ডেকাক বিদায়...

■ বাৰ্তা প্ৰেৰক-সঞ্জীৱ ডেকাঃ আজি দৰং জিলাৰ দেওমৰনৈ অঞ্চলৰ খাৰখোৱা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদ্মধৰ ডেকাক...