20 C
Guwahati

ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন

- Advertisement -

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ
■ ৰঙিয়াৰ স্বাভিমানী আৰু বীৰ পুৰুষ সকলৰ বংশধৰ ৰঙিয়াৰ ৰাইজে মিলি প্ৰতি বছৰে গৌৰৱ উজ্জ্বল ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া অনুষ্ঠানটি উলহ-মালহেৰে পালন কৰি আহিছে। আজি ১০ জানুৱাৰী ২०২১ তাৰিখে এই বছৰেকীয়া উৎসৱ পালন কৰা হয় ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱন প্ৰাঙ্গনত। এই উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, ৰঙিয়া ৰাইজমেলৰ সম্পাদক তথা বুৰঞ্জীবিদ পবিন কলিতা, ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পাল, মুক্তিযোদ্ধা কৃষ্ণ লহকৰ সমন্বিতে ৰঙিয়াৰ বহুতো বিশিষ্ট ব্যক্তি আৰু সহস্ৰাধিক ৰাইজ।

প্ৰথমে শ্বহীদ বেদীত মাল্যৰ্পণ কৰি আৰম্ভ হোৱা অনুষ্ঠানটোত ৰঙিয়া অঞ্চলৰ বহুকেইজন ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ৰঙিয়াৰ স্হানীয় সন্দীপ কলিতা সমন্বয়ী কলা কেন্দ্ৰৰ শিল্পি সকলৰ দ্বাৰা লোকনৃত্য প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় অনাতাৰ শিল্পিৰ দ্বাৰা লোকগীত পৰিবেশন কৰা হয়।

এই অনুষ্ঠানতে ভাষণ প্ৰসঙ্গত মন্ত্ৰী ভবেশ কলিতাই প্ৰথমে শ্বহীদ সকলক সুঁৱৰি ৰঙিয়াত হৈ থকা বিভিন্ন উন্নয়নমূলক কাম কাজৰ কথা ৰাইজক জনোৱাৰ লগতে ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনৰ সন্মুখত থকা শ্বহীদ বেদীটো এবছৰৰ ভিতৰত সুউচ্চকৈ পুনৰনিৰ্মাণ কৰি অসমৰ ভিতৰতে চকুত লগা কৰিব বুলি উল্লেখ কৰে।

আনহাতে আগন্তুক বৰ্ষত পাচঁজনকৈ সফল ক্ষুদ্ৰ স্থানীয় কৃষকক বটাঁ প্ৰদানৰ ব্যৱস্হা কৰা হʼব বুলিও জনাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰঙিয়াৰ মহকুমাধিপতিয়ে “ৰঙিয়া ৰাইজমেলৰ পুস্তিকা-২०২১” নামৰ এখন পুস্তিকাও উন্মোচন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

গোৱালপাৰাত ব্লেক মেন বা ক’লা মানুহৰ আতংকঃ ৰাইজক অপপ্ৰচাৰত...

♦ সম্প্ৰতি ক’লা মানুহ বা ব্লেক মেনৰ সন্ত্ৰাসে ছানি ধৰিছে সমগ্ৰ গোৱালপাৰা জিলা৷ জিলা খনৰ প্ৰান্তে প্ৰান্তে...

পৰ্বতঝোৰাৰ বগৰীবাৰীত নিচাযুক্ত দ্ৰব্যৰ কঢ়াল গ্ৰাসত যুৱ প্ৰজন্ম

■ আলী আজাত ইছলাম, বিলাসীপাৰাঃ এজন নহয় দুজন যুৱক। আলমগঞ্জৰ যুৱক সুৰুজ আলম আৰু শান্তিপুৰৰ যুৱক দুজনে...

নলবাৰীৰ দেহাৰকুছি মনসা পীঠ আৰু বৰখালা ঠাকুৰাণী থানত বাতিল...

♦অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ’ল শ্ৰীশ্ৰীনাগ পঞ্চমী পূজা| নলবাৰী জিলাৰ দেহাৰকুছি মনসা পীঠ আৰু বৰখালা ঠাকুৰাণী থানত ৰাজহুৱা শ্ৰীশ্ৰীনাগ...