26 C
Guwahati

চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-3 সফলতাৰে অৱতৰণ কৰা প্ৰথমখন ৰাষ্ট্ৰ ভাৰত

- Advertisement -

■ সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ কৰি ভাৰতে বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে মসৃণ অৱতৰণ কৰা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে ইতিহাস লিপিবদ্ধ কৰিছে। বুধবাৰে সন্ধিয়া ৬ বাজি ৪ মিনিটত সমগ্র বিশ্ববাসী এই ঐতিহাসিক ক্ষণৰ সাক্ষী হয়। ইছৰ’ৰ অধ্যক্ষ এচ সোমনাথে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভার্চুৱেল উপস্থিতি দেশবাসীৰ সন্মুখত এই ঘোষাণা কৰে। তেওঁ কয় যে, ভাৰতে সফলতাৰে চন্দ্ৰযান-3ক চন্দ্ৰৰ দক্ষিণ মেৰুত মৃদু অৱতৰণ কৰোৱাবলৈ সক্ষম হৈছে৷

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অভিলাষী অভিযান চন্দ্রযান-৩ সন্ধিয়া প্রায় ৬ বাজি ৪ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে মসৃণ অৱতৰণ কৰে। ইয়াৰ লগে লগে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত দেশৰ বাবে নতুন দিগন্তৰ সূচনা হয়।

বিদেশৰ মাটিত উপস্থিত থাকি জোহান্সবার্গৰ পৰা ভার্চুৱেল মাধ্যমেৰে এই গৌৰৱময় ক্ষণৰ সাক্ষী হৈ প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰ অভিযানৰ এই সফলতাৰ বাবে ইছৰ’ৰ বিজ্ঞানীসকলৰ লগতে সমগ্র দেশবাসীক অভিনন্দন জ্ঞাপন কৰে।

চন্দ্ৰযান অৱতৰণৰ পাছতে ভার্চুৱেলি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে কয় যে, এই ঘটনা ৰাষ্ট্ৰৰ বাবে জীৱন চেতনা সদৃশ হৈ পৰিছে। তেওঁ কয় যে, ভাৰতৰ অমৃত কালত এই ঘটনা সফলতাৰ অমৃত বৰ্ষা হিচাপে পৰিগণিত হৈছে। এই সফলতাই ১৪০ কোটি ভাৰতীয়ৰ সামৰ্থক প্রতিফলিত কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। বিজ্ঞানীসকলৰ নিৰলস প্ৰচেষ্টাৰ বাবে ভাৰত এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছে বুলিও প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে উল্লেখ কৰি কয়, ভাৰতে শীঘ্ৰেই দেশৰ প্ৰথমখন মানৱ মহাকাশযান গগনযান আৰু আদিত্য এল ওৱান শীৰ্ষক সূৰ্য সম্পৰ্কীয় গৱেষণাৰ বাবে অভিযানো সফলতাৰে ৰূপায়ণ কৰিবলৈ বদ্ধপৰিকৰ। আজিৰ দিনটোৱে পৰাজয়ত হতাশ নহৈ সফলতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ কথাটোকে দৃঢ়ভাবে প্রতীয়মান কৰিলে। চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্ৰতি ঘণ্টাত প্রায় ৬ হাজাৰ কিলোমিটাৰ গতিবেগত বিচৰণ কৰি থকা লেণ্ডাৰখনৰ গতিবেগ হ্ৰাস কৰাৰ লগতে ইয়াৰ সা-সজুঁলিসমূহক চন্দ্ৰপৃষ্ঠৰ ধূলিকণাৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছিল। তদুপৰি অৱতৰণৰ সময়ত পথালি অৱস্থাৰ পৰা লেণ্ডাৰখনৰ অৱস্থান উলম্ব অৱস্থালৈ পৰিৱৰ্তন কৰা হৈছিল। এই জটিল প্রক্রিয়াটো সমাপন হ’বলগীয়া সময়খিনিক বিজ্ঞানীসকলে নৰকৰ ১৫ মিনিট বুলি অভিহিত কৰিছিল।

চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ আগে আগে লেণ্ডাৰখন এই সকলো জটিল প্ৰত্যাহ্বানৰ মুখামুখি হৈও সফলতাৰে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰে। উল্লেখযোগ্য যে, যোৱা ১৪ জুলাইত সফলতাৰে উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ অভিযানৰ সঞ্চালনাৰ দায়িত্বত আছিল ইছৰৰ অধ্যক্ষ এচ. সোমনাথ, এচ. মোহন কুমাৰ, প্ৰকল্প সঞ্চালক পি. ৱীৰামোথুহেল আৰু বিজু চি. থমাচৰ লগতে ইছৰৰ ভালেসংখ্যক বিজ্ঞানী। ইফালে এই চন্দ্ৰ অভিযানৰ সময়ছোৱাত অসমৰো দুগৰাকী সুযোগ্য সন্তান তথা বিজ্ঞানী চয়ন দত্ত আৰু তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা জড়িত হৈ থকা বাবে অসমবাসী গৌৰৱাম্বিত।

এই অভিযানত প্রায় ৬১৫ কোটি টকা ব্যয় কৰা হৈছিল। যানখনত বিক্ৰম নামৰ লেণ্ডাৰ আৰু প্রজ্ঞান নামৰ ৰ’ভাৰ সংযুক্ত হৈ আছে। বুধবাৰে সন্ধিয়া সফলতাৰে ভাৰতে চন্দ্ৰত মসৃণ অৱতৰণ কৰা চতুৰ্থখন ৰাষ্ট্র হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয়। ইতিপূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰ, তেতিয়াৰ ছোভিয়েট গণৰাজ্য আৰু চীনদেশে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰিছে। চন্দ্ৰযান-৩ যানখন চন্দ্ৰপৃষ্ঠত দুসপ্তাহ থাকি বিভিন্ন দিশৰ অধ্যয়ন চলাব। আনহাতে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে।

চন্দ্ৰযান-৩ৰ অৱতৰণৰ এই ঐতিহাসিক ঘটনা দেশৰ জনসাধাৰণে বুধবাৰে বিয়লি ৫ বাজি ২৭ মিনিটৰ পৰা পোনপটীয়াকৈ ইছৰ’ৰ ৱেবছাইট, সংস্থাটোৰ ইউটিউব চেনেল, ফেচবুক পেজ আৰু ডি ডি নেচনেল দূৰদৰ্শনৰ পৰ্দাত প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে, অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক চন্দ্ৰযান-৩ৰ অৱতৰণৰ প্ৰক্ৰিয়াটো পোনপটীয়াকৈ চোৱাৰ সুবিধা দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিদ্যালয়সমূহক দিয়া নির্দেশ অনুসৰি অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়।

শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি সংশ্লিষ্ট সকলো বিভাগ আৰু কাৰ্যালয়সমূহক ইয়াৰ বাবে ৰাজ্যৰ সকলো বিদ্যালয়ত সন্ধিয়া ৫.৩০ বজাৰ পৰা ৬.৩০ বজালৈ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিল্লীৰ পৰা বৰঝাৰ বিমানকোঠত উপস্থিত হৈ পত্নীৰ সৈতে ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ উপস্থিতিত গুৱাহাটী আজাৰাৰ ৰাজধৰ বৰা হাইস্কুলত চন্দ্ৰযানৰ ঐতিহাসিক অৱতৰণৰ দৃশ্য প্ৰত্যক্ষ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে দিয়া বাৰ্তাত কয় যে, মানৱ জাতিৰ বাবে এয়া আন এক বৃহৎ পদক্ষেপ। চন্দ্ৰযান-৩ৰ সফলতাই মানুহৰ দূৰন্ত উদ্ভাৱনী ক্ষমতাক পুনৰ প্ৰতিপন্ন কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই অভিযানৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ লগতে চন্দ্ৰযান-৩ৰ ওপৰত ৰচনা লিখা প্ৰতিযোগিতা আয়োজন কৰাৰ কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ত যুৱ মহোৎসৱ

জালুকবাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদ আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰ উদ্যোগত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ পহিলা নৱেম্বৰৰ পৰা...

গ্ৰেপ্তাৰ মানস চলিহাঃ আদালতত হাজিৰ, ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ...

♦প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা গোলাঘাটৰ যুৱক মানস চলিহাক দিছপুৰ আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত...

বিশুদ্ধ খোৱাপানী যোগানৰ ক্ষেত্ৰত গুৰুত্ব মহানগৰ জিলা আয়ুক্তৰ

কামৰূপ মহানগৰঃ জল জীৱন মিছনৰ দ্বাৰা ৰূপায়ণ হোৱা পানী যোগান আঁচনিসমূহ সঠিকভাৱে ৰূপায়ন সন্দৰ্ভত পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে...