19 C
Guwahati

উত্তৰ গুৱাহাটীত প্ৰাইজমানী একক ছিটিং কেৰম প্ৰতিযোগিতাঃ চুড়ান্ত বিজয়ী যোৰহাটৰ যুগল কিশোৰ দত্ত

- Advertisement -

সংকল্প, অসমৰ উদ্যোগত উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থা আৰু কামৰূপ জিলা ক্ৰীড়া বিষয়াৰ সহযোগিতাত আমন্ত্ৰণমূলক সদৌ অসম প্ৰাইজমানী একক ছিটিং কেৰম প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ী যোৰহাটৰ যুগল কিশোৰ দত্ত

সংকল্প অসম উদ্যোগত উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থা আৰু কামৰূপ জিলা ক্ৰীড়া বিষয়াৰ সহযোগিতাত দুদিনীয়াকৈ আয়োজিত সদৌ অসম কেৰম প্ৰতিযোগিতাৰ ১০ ছেপ্টেম্বৰৰ নিশা চুড়ান্ত খেলখনি সম্পন্ন হয়। উত্তৰ গুৱাহাটী মিনি ষ্টেডিয়ামত ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানী কেৰম প্ৰতিযোগিতাখনৰ চিফ ৰেফাৰী পুলক সেন আৰু টেকনিকেল ৰেফাৰী ধৰ্মেন্দ্ৰ বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত খেলৰ চুড়ান্ত বিজয়ী যোৰহাটৰ যুগল কিশোৰ দত্তক নগদ ধন আৰু জনকলাল স্বৰ্গীয়াৰী বঁটা প্ৰদান কৰা হয়।

দ্বিতীয় পুৰস্কাৰ লাভ কৰা বিকি সিঙক(কামৰূপ) ৰসধৰ বুঢ়াগোহাঁই বঁটা, নগদ পুৰস্কাৰ, তৃতীয় স্হান লাভ কৰা মুজিবুৰ ৰহমানক (কামৰূপ) বাবুলিৰাম দাস বঁটা, ৪ৰ্থ পুৰস্কাৰ নিৰঞ্জন ঢলোকাকাৰীয়াক (যোৰহাট) বাবুলাল বিষয়া বঁটা, ৫ম পুৰস্কাৰ বিজয়ী ৰাভাক (কামৰূপ মে’ট্ৰ) বঁটা, ৬ষ্ঠ পুৰস্কাৰ হেমেন কাকতিক পুলিন বৰা বঁটা, (কামৰূপ মে’ট্ৰ), ৭ম পুৰস্কাৰ ৰূপম পাঠক (তিনিচুকীয়া) খগেন্দ্ৰনাথ দাস বঁটা আৰু অষ্টম পুৰস্কাৰ প্ৰাঞ্জল দাসক (নলবাৰী) হৰেন চৌধুৰী বঁটা প্ৰদান কৰা হয়।

বঁটাসমূহ প্ৰদান কৰে কামৰূপ জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈ, সংকল্প অসমৰ সভাপতি সঞ্জীৱ কলিতা, সম্পাদক ভবেশ দাস, সমাজকৰ্মী মানস দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহে ভয় কৰে আপক – আতিশী

বিজেপি চৰকাৰে চাহ জনগোষ্ঠীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ 'কা'ৰ জৰিয়তে বিদেশীক মাটি - ভেটি দিয়াৰ ব্যৱস্থা...

চন্দ্ৰপুৰত বৃদ্ধাবাসৰ দ্বাৰ মুকলি

■ গুৱাহাটী: গণতন্ত্র দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ উপকণ্ঠ চন্দ্ৰপুৰ তাঁতীমাৰাত যোৱা ২৬ জানুৱাৰীত এদল শিক্ষিত...

গুৱাহাটীৰ বৰাগাঁও হত্যাকাণ্ড- দেৱযানীয়ে কিয় এণ্টিমাক হত্যা কৰিছিল?

■ গুৱাহাটীঃ ৰাজ্য কঁপাই গৈছে এক জঘন্য হত্যাকাণ্ডই। হত্যাকাণ্ডত জড়িত এগৰাকী মহিলা। হত্যা কৰিলে অন্য এগৰাকী মহিলাক।...