24.4 C
Guwahati

বিলাসীপাৰাৰ শাইলধৰাত লোমহৰ্ষক ডকাইতি কাণ্ড

- Advertisement -

♦ ধুবুৰী আৰু গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী জলেশ্বৰ সাপ্তাহিক বজাৰত ধান, মৰাপাট বিক্ৰী কৰিবলৈ গৈছিল ব্যৱসায়ীৰ দল এটা। নিশা ব্ৰহ্মপুত্ৰ নদীৰে যন্ত্ৰ চালিত নাঁৱৰে বিলাসীপাৰা অভিমুখে আহি আছিল ব্যৱসায়ীৰ দলটো। উল্লেখ্যযোগ্য যে বিলাসীপাৰাৰ শাইলধৰাত যন্ত্ৰ চালিত নাঁৱৰে অহা ডকাইতৰ দলটো নদীৰ মাজতে চোকা অস্ত্ৰৰে আক্ৰমণ চলায়। ব্যৱসায়ীৰ দলটোক আক্ৰমণ কৰা ২০ জনীয়া ডকাইতৰ সদস্যৰ দলে ১০ লক্ষাধিক টকাৰো অধিক লুটি নিয়ে বুলি জানিব পৰা গৈছে।

ডকাইতৰ আক্ৰমণত ১০ জন ব্যৱসায়ী আহত হয় বুলি জানিব পৰা গৈছে। আহত ব্যৱসায়ী সকলক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ ইফালে ডকাইতি কাণ্ড সংঘটিত কৰি পলাই যাবলৈ লওঁতে ৰাইজে কৰায়ত্ত কৰে দুই ডকাইতক৷ ধৃত ডকাইত দুয়োজন ক্ৰমে ছাদ্দাম হুছেইন আৰু ছাহজামাল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

চৰাইদেউ জিলাৰ মাহমৰাত মন্ত্ৰী যোগেন মহনৰ ঘৰত নভূঁ‌ইঃ বিজেপিৰ...

♦ভূঁ‌ই ৰোৱাৰ মাজে মাজে মন্ত্ৰীৰ পত্নীয়েও জোৰিলে বিহু নাম ♦বৰ্তমান সময়ত ৰাজ্যত এতিয়া খেতিৰ বতৰ। ৰাজ্যৰ চৌদিশে কৃষক...

প্ৰধানমন্ত্ৰী মোডীয়ে দেশলৈ আগবঢ়োৱা বিজেপি কৰ্মীসকলৰ সেৱাক প্ৰশংসা

■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপিয়ে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰত সেৱা আগবঢ়োৱাৰ সুযোগ পোৱাৰ কাৰণ হৈছে দলীয় কৰ্মীসকলে...

বিতর্কৰ আৱৰ্তত বিশিষ্ট লেখিকা শিখা শৰ্মা

♣ বিতর্কৰ আৱৰ্তত বিশিষ্ট লেখিকা শিখা শৰ্মা। অসমৰ বিশিষ্ট লেখিকা শিখা শৰ্মাৰ এটি বিশেষ ফেচবুক পোষ্ট ভাইৰেল হৈছে...