20 C
Guwahati

কেন্দ্রীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক-২০২৩, বিধেয়কক লৈ লোকসভাত আলোচনা

- Advertisement -

লোকসভাত আজি কেন্দ্রীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৩ লৈ পুনৰ মধ্যাহ্ন ভোজন বিৰতিৰ পাছত আলোচনা আৰম্ভ হয়। বিধেয়কখনৰ জৰিয়তে ২০০৯ চনৰ কেন্দ্রীয় বিশ্ববিদ্যালয় আইনৰ সংশোধন কৰিব বিচৰা হৈছে। বিধেয়কখনৰ অধীনত তেলেংগানাত সম্মক্কা সৰক্কা নামৰ এখন কেন্দ্রীয় জনজাতীয় বিশ্ববিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হৈছে।

বিশ্ববিদ্যালয়খনে দেশৰ জনজাতীয় লোকসকলক উচ্চ শিক্ষা আৰু গৱেষণাৰ সুবিধা লাভত সহায় কৰিব। আলোচনাত অংশগ্রহণ কৰি বিজেপিৰ সাংসদ ৰাজীৱ প্রতাপ ৰুদীয়ে শিক্ষার্থীসকলক কর্ম-সংস্থাপন লাভৰ বাবে উপযুক্ত কৰি তোলাৰ উদ্দেশ্যে গুণগত শিক্ষাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰাৰ আৱশ্যকতা আছে।

Modi inaugurates controversial new parliament building in India |
File Photo

কংগ্ৰেছ দলৰ কোডীকুন্নিল সুৰেশে উচ্চ শিক্ষা প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত পদসমূহ পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায়। বিধেয়কখনৰ সমৰ্থন কৰি শিৱসেনাৰ ৰাহুল শ্বেৱালে কয় যে, প্রস্তাৱিত জনজাতীয় বিশ্ববিদ্যালয়খনে আঞ্চলিক আশা-আকাংক্ষা পূৰণ কৰিব। তেওঁ লগতে অন্যান্য পিচ পৰা শ্রেণী, অনুসূতি জাতি আৰু অনুসূচিত জনজাতিসমূহৰ কল্যাণৰ হকে লোৱা পদক্ষেপৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰশংসা কৰে।

মহাৰাষ্ট্ৰত এখন ৰাষ্ট্রীয় জনজাতীয় বিশ্ববিদ্যালয় স্থাপন কৰিবলৈও তেওঁ চৰকাৰক অনুৰোধ জনায়। নেচনেল কনফাৰেন্স দলৰ হচনেইন মছুদীয়ে বিধেয়কখনৰ প্রতি সমর্থন আগবঢ়ায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ইত্যাদিৰ নাট্যসন্ধ্যাত জেষ্ঠ অভিনেতা, নাট্যকৰ্মী,পৰিচালক পংকজ গোস্বামীক শিল্পীপ্ৰাণ বঁটা...

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহতইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা...

Omicron: আফ্ৰিকাৰ পৰা অহা লোকৰ শৰীৰত ক’ৰোনা,, Omicron আক্ৰান্ত...

♦ কলকাতালৈ অহা নাইজেৰিয়াৰ এজন লোকৰ দেহত কোভিড আক্ৰান্ত হোৱা বুলি ধৰা পৰিছিল। লগে লগে লোকজনক ক'ভিড...

ৰঙাপৰাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ...

◆ ৰঙাপৰাঃ সমগ্ৰ ৰাজ্যত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ বতাহ বলি থকা সময়ত আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে...