ৰাজ্য চৰকাৰৰ নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ সৌজন্যত আজি গুৱাহাটীৰ নেডফি হাউচত মেগা কেৰিয়াৰ কাউন্সেলিং আৰু কেৰিয়াৰ মেলা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ৩০খন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রী উপস্থিত থকাৰ লগতে ৰাজ্যৰ ২০০ ৰো অধিক শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে ভার্চুৱেলী অংশগ্ৰহণ কৰে। অনুষ্ঠানত বাংগালুৰুৰ কেৰিয়াৰ বিশেষজ্ঞ নিশান্ত চাৰাউগীৱে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দক্ষতা বৃদ্ধি আৰু কেৰিয়াৰ বাচনি সন্দৰ্ভত বক্তব্য আগবঢ়ায়।