24.4 C
Guwahati

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ডঃ শিৱসাগৰ হাঁহচৰাত খাৰুৱা তেলৰ অবৈধ গুদামত সংঘটিত হৈছে এই ঘটনা

- Advertisement -

♦পাৰ্থ প্ৰতিম বৰুৱা,নাজিৰাঃ
শিৱসাগৰ জিলাৰ হাঁহচৰাত আজি বিয়লি এক ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়। হাঁহচৰা কুজিৱালীৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত শিৱসাগৰ-নাজিৰা সংযোগী মূল পথৰ কাষতেই অবৈধ ভাৱে খাৰুৱা তেল মজুত ৰখা এটা গুদামত আজি বিয়লি 4 মান বজাত এই অগ্নি কাণ্ড সংঘটিত হয়।

খাৰুৱা তেলৰ চোৰাং ব্যৱসায় কৰা দুষ্ট চক্ৰৰ ঘাটিত এই অগ্নি কাণ্ড সংঘটিত হোৱাত বহু দূৰলৈকে আকাশ ক’লা ধোঁৱাই আৱৰি ধৰে। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

নাজিৰাৰ শান্তনু বুঢ়াগোহাঁই নামৰ মালিকাধীন চোৰাং গুদামত দুটা খাৰুৱা তেল ভৰ্তি ড্ৰাম, ১১ বস্তা কেমিকেল, বৃহৎ আকাৰৰ ৫টাকৈ চিনটেকছ আৰু খাৰুৱা তেল চোৰ কৰিবলৈ ব্যৱহাৰ কৰা দুটাকৈ মটৰ জব্দ কৰে স্থানীয় চেৰেকাপাৰ আৰক্ষীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী কুঁহি চেতিয়াৰ ‘বেবেৰিবাং’ৰ শুভ উন্মোচন

■ জয়ন্ত কুমাৰ হাজৰিকা ,নামনি লক্ষীমপুৰ, নাৰায়ণপুৰঃশি শু মনৰ ভাৱৰ উন্মেষ ঘটাই নাৰায়ণপুৰৰ ৭ বছৰীয়া শিশু লেখিকা...

কৰ’না কালত উৎপাদনশীল কৰ্মঃ কৃষ্ণাইৰ ভেলাখামাৰৰ এদল যুৱকে আৰম্ভ...

♦ কৰ’না মহামাৰীৰ সংহাৰৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ প্ৰশাসনে সমগ্ৰ ৰাজ্য খনতে জাৰি কৰিছে আংশিক লকডাউন৷ তাৰ...

বিহালী স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা বিধায়ক ৰঞ্জিত দত্ত :

  বিহালী স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা বিধায়ক ৰঞ্জিত দত্ত   ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বতধীন কেন্দ্ৰীয় চৰকাৰৰ খনে ৰাষ্ট্ৰবাসীক ১০০কোটি বিনামূলীয়া...