24.4 C
Guwahati

বিহালী স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা বিধায়ক ৰঞ্জিত দত্ত :

- Advertisement -

 

বিহালী স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা বিধায়ক ৰঞ্জিত দত্ত

 

ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বতধীন কেন্দ্ৰীয় চৰকাৰৰ খনে ৰাষ্ট্ৰবাসীক ১০০কোটি বিনামূলীয়া ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছে।

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে ইতিমধ্যে ১০০কোটি ভাৰতীয় জনতাক ক’ভিড১৯ টিকা প্ৰদান কৰি সমগ্ৰ বিশ্বত এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷

ইফালে ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰক এই কভিড সময়ত সহায় সহযোগিতা আগবঢ়োৱা স্বাস্থ্য কৰ্মী সকলক বিজেপি কৰ্মী সকলে বৃস্হপতি বাৰেয় সমগ্র দেশৰ লগতে বিহালী সমষ্টিৰ বিহালী মণ্ডল কমিটি উদ্যোগতো বিহালী সমষ্টিৰ স্বাস্থ্য কৰ্মী সকলক এখন গামোচাৰে সম্বৰ্ধনা জনাই।


বৃস্হপতি বাৰে এই সম্বৰ্ধনা অনুষ্ঠান হিচাপে বিহালী বেদেতী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিহালী মণ্ডল সমিতিয়ে আয়োজনা কৰা বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানটো আতঁ ধৰে মণ্ডলৰ সভাপতি লাচিত বৰাই। এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰঞ্জিত দত্ত। বিধায়ক ৰঞ্জিত
দত্ত উপস্থিত হৈ ক’ভিড টিকাকৰণ কেন্দ্ৰটিত আগশাৰীৰ ক’ভিড যোদ্ধা(স্বাস্থ্য কৰ্মী) সকলক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই।

ইফালে বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টীৰ উপ সভাপতি ক্ষীৰোদ দাসৰ নেতৃত্বত আৰু বিহালী মণ্ডলৰ উদ্যোগত বিহালী প্ৰাথমিক চিকিৎসাল প্ৰেক্ষাগৃহত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত বিহালী প্ৰাথমিক চিকিৎসালয় চিকিৎসক ডাঃ যোগেন চন্দ্ৰ বে কে ধৰি চিকিৎসালয় খনৰ চিকিৎসক আৰু প্ৰতি গৰাকী স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনাই ।
এই সম্বৰ্ধনা অনুষ্ঠান উপস্থিত থাকে টেলেঙনীয়া গাওঁ পঞ্চায়ত সভানেত্ৰী জাহ্নৱীৰ দাস, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বহু কেইজন সদস্য উপস্থিত থাকে।
আনহাতে বৰগাং গাওঁ পঞ্চায়ত সভাপতি সুমিত বসু, গাংমৌথানত গাওঁ পঞ্চায়ত মুনিদ্ৰ দাস, বিহালী মণ্ডলৰ চাহ মৰ্চাৰ সভাপতি দীপক নাহেকীয়া অসম চাহ মজদূৰ সংঘৰ বিষয়ববীয়া উপস্থিত বৰভিল চাহ বাগিচাৰ স্বাস্থ্য কৰ্মী সকলক সম্বৰ্ধনা জনাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

শিৱসাগৰ শিমলুগুৰি ৰে’ল জংচনত উজনীমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎসংখ্যক...

♦ৰাজ্যত বৰ্তমান সময়ত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন তথা চৰকাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি লৈকে শ শ কেজি...

বৰভাগৰ সীমান্তৱৰ্তী বগলচ ৰোডত পুৱাই দুৰ্বৃত্তই লুটিলে বলেৰ’ পিকআপ...

■ অৰুনাচলৰ পৰা ব্ৰইলাৰ মুৰ্গী দি ওভতাৰ পথত ঘগ্ৰাপাৰৰ পৰা অপহৰণ কৰি আনি বগলচ ৰোডত লুটপাত চলাই...

মধ্যপ্রদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ দেওবাৰে ভোট...

◆মধ্যপ্রদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ দেওবাৰে ভোট গণনা কৰা হ'ব। ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে...