24 C
Guwahati

কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত জনজাতি গৌৰৱ সন্মান অনুষ্ঠান

- Advertisement -

গুৱাহাটীঃ পূৰ্ৱোত্তৰ জনজাতি শিক্ষা সমিতিৰ এক উপ সমিতি কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেচনে জনজাতীয় গৌৰৱ দিৱস হিচাপে বীৰছা মুণ্ডা জয়ন্তীৰ আয়োজন কৰি জনজাতীয় গৌৰৱ সন্মান অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে বিখ্যাত শিল্পী বাবা সত্যনাৰায়ণ মৌৰ্য আৰু বিদ্যা ভাৰতীৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অৱনীশ ভাটনগৰ, অৰুণাচল প্ৰদেশৰ আবুতানি বিদ্যা নিকেতনৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী য়ান্যা কাৰ্লো আৰু কাৰ্বি আংলঙৰ একল বিদ্যালয়ৰ কামত উৎসৰ্গিত কান্তি বড়োক জনজাতীয় গৌৰৱ সন্মানেৰে সন্মানিত কৰা হয়। সন্মানৰ চিন স্বৰূপে দুয়োকে এটকোটাকৈ স্মৃতি চিহ্ন, ২৫ হাজাৰ টকাকৈ ধনৰ লগতে অংগবস্ত্ৰ প্ৰদান কৰা হয়। শিশু শিক্ষা সমিতি উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে আজি গুৱাহাটীত জানিবলৈ দিয়া মতে হোজাই গীতাশ্ৰমত


কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেচনৰ তৰফৰপৰা পৰা এই বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছতেই কৃষ্ণচন্দ্ৰ ফাউণ্ডেশ্যনৰ বিষয়ে তথ্য প্ৰদান কৰি সম্পাদক সমৰীণ ডেকাই কয় যে এইবাৰ সংগঠনটোৱে অৰুণাচল, মেঘালয়, অসম আদি ৰাজ্যৰ বিদ্যালয়সমূহলৈ বাদ্যযন্ত্ৰ আৰু ঘোষবাদ্য যোগান ধৰাৰ লগতে মণিপুৰৰ শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলকো আৰ্থিক সাহায্য প্ৰদান কৰিছে। সম্পাদক সমৰীণ ডেকাই ঘোষণা কৰে যে অহা বছৰৰ পৰা জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ফাউণ্ডেচনৰ দ্বাৰা ৫ জন লোকক সম্বৰ্ধনা জনোৱা হ’ব।

এই উপলক্ষে ফাউণ্ডেশ্যনৰ সভাপতি দীপ জ্যোতি ৰাজখোৱাও উপস্থিত থাকে। সৰ্বভাৰতীয় মন্ত্ৰী ব্ৰহ্মজী ৰাৱে কয় যে দুয়োগৰাকী কাৰ্যকৰ্তাই মৌন সাধকৰ দৰে সমাজৰ উত্থানৰ হকে কাম কৰি আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ভিন্ন বৃক্ষ ৰোপণেৰে নলবাৰী বানেকুছি পৰা নো’না নৈ লৈকে...

● সামাজিক বনানিকৰণৰ অধীনত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে গছ পুলি ৰোপণৰ ক্ষেত্ৰত আজি নলবাৰী জিলা আৰক্ষী অধীক্ষকৰ...

বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ তিনিদিনীয়া প্ৰধানাচাৰ্য সন্মিলনৰ সামৰণি

ইতিবাচক পৰিৱৰ্তনৰ বাবে প্ৰয়োজন সংস্কাৰ যুক্ত শিক্ষাৰ- অৱনীশ ভাটনাগৰ গুৱাহাটীঃ বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত আয়োজিত দ্বাৰা হোজাই...

শিৱসাগৰত দৰিকা দলঙৰ দুই মূৰৰ কামত ব্যাপক অনিয়ম

♦বহু প্ৰতীক্ষাৰ অন্তত শিৱসাগৰ জিলাৰ হাঁহচৰা আৰু ডিমুৱালৰ মাজত দৰিকা নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল যদিও পূৰ্ণ...