22 C
Guwahati

বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা ২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা

- Advertisement -

গুৱাহাটীঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজিৰ ওপজা দিনটোক বিশেষ কৰি তুলিলে গুৱাহাটীৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে। অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ সুদীৰ্ঘদিনে আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে আজি এই বিশেষ দিনটোত শিল্পীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জনাই বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ২০২৫ বৰ্ষৰ ড০ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বেলতলা পূবেৰুণ সংঘৰ ইনডৰ হলত আজি দিনৰ ১১ বজাত অনুষ্ঠিত এখন সংবাদ মেলত বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে এই বঁটা ঘোষণা কৰি সংবাদ মাধ্যমৰ আগত আৰু কয় যে জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক দিশত বহু অৱদান আগবঢ়াইছে।

আমি শিল্পীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু আগন্তুক দিনত আৰু ন ন গীতৰ লগতে সাংস্কৃতিক দিশত উৎসাহেৰে কাম কৰি যাওক। এই বঁটাত শিল্পীগৰাকীক মানপত্ৰ, স্মাৰক, ফুলাম জাপি, শৰাই, ২ লাখ টকাৰ এখন চেক আৰু অন্যান্য উপহাৰ প্ৰদান কৰা হ’ব। পূৰ্বৰ পৰম্পৰা অটুত ৰাখি ২০২৫ চনৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ বহাগী উৎসৱত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ২০১২ চনৰ পৰা ড০ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি আহিছে। ইয়াৰ ভিতৰত দিপালী বৰঠাকুৰ, জ্ঞানদা কাকতি, পাৰবিন চুলতানা, সুদর্শণা শর্মা, ড° লক্ষহীৰা দাস, জর্জ বেকাৰ, ৰবীনা টেণ্ডন আদি অন্যতম। সংবাদ মেলত বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়ো, উপ সভাপতি বিচিত্র বড়ো, সাংস্কৃতিক সম্পাদক জয়ন্ত বড়োকে ধৰি ধনজিত চৌধুৰী, চন্দন কুমাৰ শইকীয়া আদি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
23.7 ° C
23.7 °
23.7 °
55 %
2.9kmh
75 %
Thu
24 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

আকৌ লকডাউনৰ পূৰ্ণ সম্ভাৱনা নেকি? দেশত ২৪ ঘণ্টাত ১৬,৩২৬জন...

■ নতুন দিল্লীঃ ভাৰতত যোৱা ২৪ ঘণ্টাত ১৬,৩২৬ টা নতুন কোভিড-১৯ত আক্ৰান্ত ঘটনা পোহৰলৈ অহাৰ লগতে ৬৬৬...

ৰঙাপৰাত শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত শিশু সুৰক্ষা...

● ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি শোনিতপুৰ জিলা আইন সেৱা প্রাধীকৰনৰ উদ্যোগত শিশু সুৰক্ষা সজাগতা সভা অনুষ্ঠিত...

উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল দেৱাশিষ বৰ্মনৰ লগতে দালাল নয়ন...