24.4 C
Guwahati

শিৱসহায় সাৱৰমল সাংগানেৰীয়া বঁটা-২০২৪, গ্ৰন্থ উন্মোচনী আৰু বঁটা প্ৰদান সভা সম্পন্ন

- Advertisement -

শিৱসহায় সাৱৰমল সাংগানেৰীয়া চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত ‘শিৱসহায় সাৱৰমল সাংগানেৰীয়া সাহিত্য বঁটা -২০২৪’ ৰ গ্ৰন্থ উন্মোচনী আৰু বঁটা প্ৰদান অনুষ্ঠান কালি গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনৰ প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়। সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, সাহিত্যিক কনক সেন ডেকাই সভাপতিত্ব কৰা সভাৰ আঁত ধৰে অনুপ কুমাৰ তালুকদাৰে। বন্তি প্ৰজ্বলন কৰে কানক সেন ডেকা আৰু সন্মানীয় অতিথি মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱ দেৱ মহন্তই। সভাৰ আৰম্ভণিতে তনুশ্ৰী দাসে এটা বৰগীত পৰিবেশন কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে। আদৰণি ভাষণ প্ৰদান কৰে শিৱসহায় সাৱৰমল সাংগানেৰীয়া চেৰিটেবল ট্ৰাষ্টৰ অধ্যক্ষ ড° সাৱৰমল সাংগানেৰীয়ে। গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, সমালোচক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° দয়ানন্দ পাঠক আৰু ড° ভূপেন্দ্ৰ ৰায়চৌধুৰী। ড° সাৱৰমল সাংগানেৰীয়াই হিন্দী ভাষাত লিখি উলিওৱা আৰু নেচনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত প্ৰথমখন গ্ৰন্থ ‘লোহিত কে মানস পুত্ৰ শংকৰদেৱ’ উন্মচন কৰে দয়ানন্দ পাঠকে। আনহাতে, দ্বিতীয়খন গ্ৰন্থ ‘ জ্যোতি কী আলোক যাত্ৰা’ উন্মোচন কৰে ড° ভূপেন্দ্ৰ ৰায়চৌধুৰীয়ে।


উক্ত সভাতে ‘অসমৰ সমাজ জীৱনলৈ মাড়োৱাৰী অসমীয়াসকলৰ অৱদান’ ৰ স্ৰষ্টা, বিশিষ্ট লেখক তথা গুৱাহাটীৰ কামাখ্যাৰাম বৰুৱা কন্যা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অনিল বৰাক ‘শিৱসহায় সাৱৰমল সাংগানেৰীয়া সাহিত্য বঁটা -২০২৪’ প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে প্ৰবীণ সাংবাদিক কনক সেন ডেকাই। বঁটা গ্ৰহণ কৰি অনিল বৰাই কয় যে তেওঁ কেতিয়াও ভবা নাছিল যে এই বঁটা তেওঁক দিয়া হ’ব। তাৰ বাবে তেওঁ শিৱসহায় সাৱৰমল সাংগানেৰীয়া চেৰিটেবল ট্ৰাষ্টৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰি বৰ্তমান সময়ত গ্ৰন্থ পঢ়ুয়ৈৰ সংখ্যা কমাৰ ভয়াবহতা আৰু তাৰ প্ৰতিফলন কিদৰে মানুহৰ মাজত প্ৰতিফলন বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াই। সভাত বিশিষ্ট প্ৰকাশন গোষ্ঠী ‘ভাগৱতী প্ৰকাশন’ ৰ স্বত্বাধিকাৰী তথা বৃহত্তৰ ফাঁচী বজাৰ সাহিত্য সভাৰ সম্পাদক ঘনশ্যাম লডিয়াকো সম্বৰ্দ্ধনা আৰু বিশেষ সন্মান প্ৰদান কৰে। সভাত বিশিষ্ট ব্যক্তি, লেখক – লেখিকা, সাংবাদিকসহ বহু গ্ৰন্থপ্ৰেমী ৰাইজ উপস্থিত থাকে। অনুপ কুমাৰ তালুকদাৰৰ শলগৰ শৰাই আৰু উপস্থিত সকলোৱে অসম জাতীয় সংগীত পৰিবেশনৰে সভাৰ অন্ত পৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

নাজিৰা সমষ্টিৰ বিজেপি দলৰ মাজত টিকটক লৈ বিভাজন

নাজিৰা সমষ্টিৰ বিজেপি দলৰ মাজত টিকটক লৈ বিভাজন বাগানে বাগানে চলিছে বিজেপি বিৰোধী প্ৰতিবাদ ♦শিৱসাগৰ নাজিৰাৰ পৰা...

বিশ্বনাথ কৃষি মহাবিদ্যালয় চৌহদত চেক প্ৰদান মন্ত্ৰী পিযুষ হাজৰিকা

  কভিড-১৯ত স্বামীহাৰা ৩২ গৰাকী বিধৱা মহিলাক বিশ্বনাথ কৃষি মহাবিদ্যালয় চৌহদত চেক প্ৰদান মন্ত্ৰী পিযুষ হাজৰিকা ::বিশ্বনাথ ১৭ জুলাই...

ৰঙাপৰাত আটছাৰ উদ্যোগত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাঃ চুড়ান্ত খেলত...

■ ৰঙাপৰাঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ৰঙাপৰা উপশাখাৰ উদ্যোগত কলনী চাহ বাগিচাৰ খেল পথাৰত...