24.4 C
Guwahati

ৰঙাপৰাত আটছাৰ উদ্যোগত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাঃ চুড়ান্ত খেলত ধলকুবা দলৰ জয়লাভ

- Advertisement -

■ ৰঙাপৰাঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ৰঙাপৰা উপশাখাৰ উদ্যোগত কলনী চাহ বাগিচাৰ খেল পথাৰত অনুষ্ঠিত হৈছে টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা।

উল্লেখযোগ্য যে যোৱা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাত আটছা ৰঙাপৰা উপ শাখাৰ অন্তৰ্গত মুঠ ১৬ টা শাখাই অংশগ্ৰহণ কৰিছিল।

আজি অনুষ্ঠিত হোৱা চুড়ান্ত প্ৰতিযোগিতাত আটছাৰ ধলকুবা শাখা আৰু ঠাকুৰবাৰী শাখাৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাখনৰ চুড়ান্ত খেলত ধলকুবা দলে সহজে জয়লাভ কৰে।
ঠাকুৰবাৰী দলে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৮ অ’ভাৰত ৭০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ধলকুবা দলে ৬ অভাৰত দুটা উইকেট হেৰুৱাই সহজ বিজয় লাভ কৰে।

আজি অনুষ্ঠিত চুড়ান্ত খেলৰ বটা বিতৰণী অনুষ্ঠানত আটছা তেজপুৰ শাখাৰ উপদেষ্টা ৰবাৰ্টছন খৰা, কামাল আনছাৰি,অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটী,আটছা ৰঙাপৰা উপ শাখাৰ সভাপতি চাকিৰাম তাতী,সহকাৰী সম্পাদক শিবা কৰ্মকাৰ, অসম জাতীয় দলৰ ৰঙাপৰা বিধান সভাৰ নিৰ্বাচনৰ বাবে মনোনীত প্ৰাৰ্থী অজয় তাঁতী ,আটছা ৰঙাপৰা উপশাখাৰ শিক্ষা সম্পাদক ৰাজু ৰজক,ক্ৰীড়া সম্পাদক পীতাম্বৰ দাস আৰু বহু গন্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এনে ধৰণৰ ক্ৰীড়া সমাৰোহৰ জৰিয়তে অঞ্চলটোৰ ক্ৰীড়াবিদসকলক এটি সুন্দৰ পৰিৱেশ দিবলৈ চেষ্টা কৰা হৈছে বুলি উদ্যোক্তাসকলে কয় ৷

খেল আৰম্ভ হোৱাৰ পাছৰে পৰা কলনী চাহ বাগিচাৰ খেলপথাৰত উদুলি-মদুলি পৰিৱেশৰ সৃষ্টি হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

অসমত পুনৰ সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনাঃ ক’ভিড ভংগকাৰীৰ বিৰুদ্ধে...

♦শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি এজন বৈদ্যুতিক মাধ্যমৰ সাংবাদিকক একাংশ লোকে আগুচি ধৰি শাৰীৰিক ভাৱে অপদস্থ কৰাৰ ঘটনাই...

পৰ্বতঝোৰা জিলা বিজেপিৰ কৰ্ম-কৰ্তা সকলৰ মাজত পৰ্য্যলোচনা সভা

● গৌৰীপুৰৰ পৰা নুৰ ইছলাম সেখঃ শাসনাধিষ্ঠি বিজেপি চৰকাৰৰ কাৰ্য্যকালত বিভিন্ন ধৰনৰ উন্নয়ন মূলক কাম-কাজ আদিৰ লগতে...

গুৱাহাটী চহৰত অ’লা, উবেৰ সেৱাত আঘাত; চালকসকলে নতুন সংগঠনত...

■ ডিজিটেল ডেস্ক: ব্যস্ত মহানগৰীত চলি থকা অ'লা আৰু উবেৰৰ সেৱাক হঠাতে আঘাত কৰি চহৰখনৰ দুটা সংগঠনৰ...