32.2 C
Guwahati

কোভিড-১৯ সন্দৰ্ভত অসম চাহ মজদুৰ সংঘৰ ৰাইজ সজাগ কৰিবলৈ প্ৰাথমিক গোট আৰু বাগিচা কৰ্তৃপক্ষক আহ্বান

- Advertisement -

◆ ৰঙাপৰাঃ কৰোনা ভাইৰাছ! শুনিলেই ভয় লগা এটা শব্দ হৈ পৰিছে। চাৰিওফালে কেৱল আতংক। সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে কৰোনা ভাইৰাছে। অসমতো সেই ভাইৰাছৰ সংশয় দেখা দিছে। কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি অসম চাহ মজদুৰ সংঘই বিশেষ সজাগতা সৃষ্টি কৰিবলৈ সকলো বাগিচাৰ সংঘৰ অধীনৰ প্ৰাথমিক গোটক নিৰ্দেশ দিয়ে আৰু বাগিচা কৰ্তৃপক্ষক ৰাইজক সজাগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

সংঘৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটী আৰু গাণনীক গজেন শইকীয়াই সংবাদ মাধ্যমক কয় যে সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সংঘৰ প্ৰতিটো শাখাই সমুহ বাগিচাৰ প্ৰাথমিক গোটক বাগিচা অঞ্চলসমূহত কৰোনা ভাইৰাছ সম্পৰ্কে ৰাইজক বুজাই দিয়াৰ লগতে কেনেদৰে ইয়াৰ পৰা প্ৰতিকাৰ পাব পাৰি সেই বিষয়েও উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

কোনো শ্ৰমিক ঘৰৰ বাহিৰলৈ গ’লে জৰুৰী ভাৱে মাস্ক পৰিধান কৰিহে বাহিৰলৈ যাবলৈ পৰামৰ্শ আগবঢ়াবলৈ প্ৰাথমিক গোটক নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

ছানিয়া আশিক: এগৰাকী পাকিস্তানী বিধায়ক, ভাইৰেল ভিডিঅ’ প্ৰকাশ

■ সম্পূৰ্ণ নাম ছানিয়া আশিক জুবিন। তেওঁ ২০১৮ চনৰ পৰা পাক ৰাজনীতিত অতি এক চিৰপৰিচিত মুখ হৈ...

দীপাৱলীৰ উছাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ড আৰু দুৰ্ঘটনা...

যোৰহাট নগৰত কালি সংঘটিত এটা অগ্নিকাণ্ডত এজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰাৰ লগতে কেইবাটাও বাসগৃহ আৰু...

মালিগাঁও ফুট অভাৰ ব্ৰীজ এমাহৰ ভিতৰত ভাঙি দিয়া হ’ব

■ গুৱাহাটীঃ ৰাজহুৱা নিৰ্মাণ বিভাগৰ সূত্ৰ অনুসৰি মালিগাঁও ফুট অভাৰ-ব্ৰীজ এমাহৰ ভিতৰত ভাঙি পেলোৱা হ'ব। এই কথা...