23 C
Guwahati

ৰঙালী বিহুত ৰাভা জনগোষ্ঠীৰ ব্যতিক্ৰমী অনুষ্ঠান

- Advertisement -

♦নোৱাপাৰা ৰাভা পাৰাত উদযাপিত হ’ল “দিঙা পিঠা খোৱা উৎসৱ” আৰু সংকল্প সমাৰোহ

♦ সমজুৱা ভাবে সংকল্প ল’লে বহুজনে 
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ পৰম্পৰা ৰক্ষা কৰি এই বেলিও চ’ত ব’হাগৰ সংক্ৰান্তিৰ দিনা গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া নোৱাপাৰা ৰাভাপাৰাত অনুষ্ঠিত হল “দিঙা পিঠা খোৱা উৎসৱ” আৰু “সংকল্প সমাৰোহ”৷ বিগত ২৫ বছৰ ধৰি নোৱাপাৰা ৰাভা পাৰাৰ জৱাহৰ জ্যোতি যুৱ সংঘৰ প্ৰচেষ্টাত এই ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে৷

চ’ত ব’হাগৰ সংক্ৰান্তিৰ দিনা অঞ্চলটোৰ ৰাভা জনগোষ্ঠীৰ লোক সকলে  পূৰ্বপুৰুষৰ পৰম্পৰা অনুসৰি ৰাতিপুৱাই কাষৰীয়া হাবিৰ পৰা বিচাৰি আানে বিভিন্ন প্ৰজাতিৰ ঔষধি শাক, ঢেকীয়া,ভেদাইলতা, বুন্দুৰি, খকচি,মইনা আদি৷ এই উৎসৱত পুৰুষৰ সমান ওলাই আহে মহিলা সকলো৷ দিঙা পিঠা খোৱা উৎসৱৰ বাবে৷ পুৰুষ সকলে হাবিৰ পৰা বিচাৰি অনা ঔষধি শাক পাতেৰে মহিলা সকলে প্ৰস্তুত কৰে এবিধ বিশেষ খাদ্য সম্ভাৰ৷ পিঠাগুৰিৰ স’তে ঔষধি শাক উৰলত খুন্দি গাহৰিৰ মাংসৰ সৈতে চুঙাত ভৰাই জুইত সেকি প্ৰস্তুত কৰা হয় এই বিশেষ খাদ্য সম্ভা ৷

এই খাদ্য বিধৰ লগত থাকে আমৰলি পৰুৱাৰ টোপ৷ চুঙাত প্ৰস্তুত কৰাৰ বাবে এই পিঠাক ৰাভা জনগোষ্ঠীৰ লোকসকলে “দিঙা পিঠা” বুলি কয় ৷ পিঠাগুৰিৰ লগত ঔষধি গছৰ পাতৰ সংমিশ্ৰণ কৰি গাহৰিৰ মাংসেৰে ভাপত সিজোৱা এই দিঙা পিঠা থলুৱা মদ ( ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় জোঙা)ৰে সকলোৱে ৰাজহুৱাভাৱে এই বিশেষ খাদ্য সম্ভাৰ গ্ৰহণ কৰে৷

ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰা নতুন প্ৰজন্মৰ যুৱক-যুৱতী সকলৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক চাৰুমোহন ৰাভাই৷ জন বিশ্বাস মতে সংক্ৰান্তিৰ দিনা এনে দৰে ঔষধি শাকেৰে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰিলে বছৰটোৰ বাবে মানুহৰ শৰীৰটো নিৰোগী হৈ থাকে আৰু সেই কাৰণে সংক্ৰান্তিৰ দিনা দিঙা পিঠা খোৱাতো এটা নিয়মত পৰিণত হৈছে ৷

দিঙা পিঠা খোৱা উৎসৱৰ সমান্তৰালকৈ একেদিনাই অনুস্থিত হয় “সংকল্প সমাৰোহ”৷ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত এই সংকল্প সমাৰোহে গাওঁখনত আনিছে এক নতুন পৰিৰ্ৱতন৷ ৰাজহুৱা ভাৱে দিঙাপিঠা খোৱাৰ আগতে অনুষ্ঠিত হয় এই সংকল্প সমাৰোহ, য’ত গাঁঁওৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীসহ সকলো উপস্থিত থাকে৷

সংকল্প সমাৰোহত আগন্তুক বৰ্ষত কোন কোন পৰিয়ালে নিজৰ পৰিয়াল তথা ঘৰৰ বাবে কি কি আঁচনি অথবা কি কি ভাল কাম কৰিব ৰাজহুৱা ভাবে ঘোষণা কৰিব লাগিব৷ আনহাতে, ঘোষণা কৰা মতে কাম নহ’লে ভৰিব লগা জৰিমনাৰ কথাও ঘোষণা কৰাা হয় এই সমাৰোহতে৷ বিগত বছৰত সংকল্প মতে কাম নকৰা সকলে এই অনুষ্ঠানতে জৰিমনা আদায় দিয়াতো নিয়ম৷ এনে দৰে বছৰৰ পিছত বছৰ ধৰি নোৱাপাৰা ৰাভাপাৰাত চ’ত ব’হাগৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত হৈ আহিছে দিঙা পিঠা খোৱা উৎসৱ আৰু সংকল্প সমাৰোহ৷ এইবেলি ৰাতিপুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জৱাহৰ জ্যোতি যুৱ সংঘৰ সভাপতি প্ৰাৰ্থপ্ৰতীম ৰাভাই৷

শ্বহীদ তৰ্পণ কৰে চাৰুমোহন ৰাভাই৷ দিঙাপিঠা খোৱা উৎসৱ আৰু সংকল্প সমাৰোহৰ আতঁ ধৰে সংঘৰ সম্পাদক জ্যোতি কমল ৰাভাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

আপুনি গুগুল ক্ৰ’ম ব্ৰাউজাৰ ব্যৱহাৰ কৰে নেকি? এতিয়াই আপডেট...

■ আপুনি গুগল ক্ৰ'ম ব্ৰাউজাৰ ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত, আপুনি এই প্ৰতিবেদন এবাৰ পঢ়িব লাগিব। মোবাইল, লেপটপ...

শিৱসাগৰত এক নতুন কৰ্মযজ্ঞৰ আৰম্ভণি হৈছেঃ মুখ্যমন্ত্ৰী

♦ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সৌন্দর্যবর্ধন প্ৰকল্পৰ নিৰ্মাণকার্য শুভাৰম্ভ কৰাৰ প্ৰাকক্ষণত আজি প্রকল্পক্ষেত্ৰত বান্থি আৰু ভূমিপূজন অনুষ্ঠানৰ আয়োজন...

মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হস্তমৈথুন কৰাৰ ভাল দিশ আৰু নেতিবাচক...

♂ চিকিৎসাবিজ্ঞান বা চিকিৎসকসকলে বাৰে বাৰে উল্লেখ কৰিব বিচাৰে যে, হস্তমৈথুন কৰাটো বেয়া কাম নহয়। সংক্ৰমিত ৰোগৰ...