19 C
Guwahati

নামনি অসমত সক্ৰিয় গাড়ী চুৰি চক্ৰঃবৰপেটা ৰোডৰ চুৰি বলেৰ’ জব্দ কৃষ্ণাইতঃ ধৃত দুই গাড়ী চোৰ

- Advertisement -

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ কৰ’না মহামাৰীৰ আতংকৰ গইনা লৈ নামনি অসমত পুণৰ সক্ৰিয় হৈ উঠিছে গাড়ী চুৰি চক্ৰ৷ আজি পুৱা গোৱালপাৰা জিলাৰ কৃষ্ণাইত দুখন গাড়ীসহ দুটা চোৰ কৰায়ত্ত হোৱাৰ পিছতে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য৷ কৃষ্ণাই আৰক্ষীয়ে আজি জব্দ কৰা গাড়ী দুখনৰ নম্বৰ হৈছে এ এছ ১৫ এ চি ১২০৭ আৰু এ এছ ১৫ এ চি ০৫৯১৷ দুয়োখনেই বলেৰ’ পিক আপ গাড়ী৷ আনহাতে ধৃত চোৰ দুটাৰ ঘৰ বৰপেটা জিলাৰ কয়াকুছিত৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, চুৰি গাড়ী দুখন হৈছে বৰপেটা ৰোডৰ মায়া প্ৰডাক্টচৰ স্বত্ত্বাধিকাৰী গোপাল আগৰৱালাৰ মাল কঢ়িওৱা বাহন৷ জানিব পৰা মতে, যোৱা মাজ নিশা সংঘটিত হোৱা চুৰি কাণ্ডৰ বিষয়ে আজি পুৱাহে অৱগত হয় গাড়ীৰ গৰাকীয়ে৷ তাৰ পিছতে তেওঁ বৰপেটাৰোডৰ আৰক্ষীৰ কাষ চাপে আৰু গাড়ীত থকা জিপিএছৰ জৰিয়তে বৰপেটাৰোডৰ আৰক্ষীয়ে কৃষ্ণাই আৰক্ষীৰ সহযোগত আজি পুৱা কৃষ্ণাই বেইলী দলঙৰ ওপৰত গাড়ী দুখন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
18 ° C
18 °
18 °
76 %
1.8kmh
69 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
37 °

More like this

পৰ্দাৰ কাপোৰ পিন্ধি পৰীক্ষা দিলোঁ

  হাফ পেণ্ট পৰিধান  কৰাৰ বাবে বহিবলৈ নিদিলে পৰীক্ষাত; অৱশেষত পিন্ধিবলগীয়া হ’ল পৰ্দাৰ কাপোৰ ছুটি কাপোৰক কেন্দ্ৰ কৰি যুৱতীগৰাকীয়ে...

নলবাৰীত মৃণ্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মৃত শিল্পী

● যোৱা দুবছৰে কৰুণা কালীন সময়ত স্তব্ধ হৈ পৰিছিল মৃত শিল্পী সকলৰ জীৱন চৰকাৰে কোভিড নীতি নিয়ম মানি...

চামতাত গাঞ্জা জব্দ || আটক চাৰি ব্যৱসায়ী

● আজি চামতা পহৰা আৰক্ষী চকীয়ে চামতা বাছ আস্থানত থকা বনমালী বৰ্মনৰ খুচুৰা ব্যৱসায়ী দোকানত অভিযান চলাই...