24.4 C
Guwahati

দেহাৰকুছিত চি আৰ পি জোৱানৰ গৃহত চুৰিকাণ্ড

- Advertisement -
  • চোৰে লুটি নিলে নগদ ধনসহ প্ৰায় ১২ তোলা সোণৰ অলংকাৰ
  • ঘগ্ৰাপাৰ আৰক্ষী, চি আৰ পি এফ বাহিনী ঘটনাস্হলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত দেহাৰকুছি গাওঁৰ নিবাসী তথা চি আৰ পি এফৰ জোৱান ৰামচৰণ দাসৰ ঘৰত চুৰিকাণ্ড। চোৰে লুটি নিলে নগদ প্ৰায় ৫০ হাজাৰ টকা আৰু ১২ তোলা সোণৰ আ-অলংকাৰৰ লগতে পাতমুগাৰ কাপোৰ।

জানিব পৰা মতে যোৱা কালি নিশা ঘৰত কোনো নথকাৰ সুযোগতে চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। উল্লেখনীয় কথা যে, ওচৰতে থকা শহুৰ দেউতাকৰ বেমাৰৰ বাবে কালি পৰিয়ালৰ সকলো সদস্য শহুৰৰ ঘৰত নিশা থাকিব লগীয়া হোৱাত জোৱান জনৰ গৃহত কোনো লোক নাছিল। পুৱা নলবাৰীত চি আৰ পি এফত কৰ্মৰত জোৱান ৰামচৰণ দাস নিজ গৃহলৈ আহি গেটৰ তলা খুলি ঘৰৰ দৰ্জা খোল খাই থকা দেখি অবাক হৈ পৰে। লগে লগে জোৱন জনে ঘগ্ৰাপাৰ আৰক্ষীৰ লগতে নলবাৰীস্হিত CRPF কেম্পত খৱৰ দিয়াত ঘগ্ৰাপাৰ আৰক্ষীৰ লগতে CRPF বাহিনীৰ লগতে এডিচনেল এচ পি পুস্কিন জৈন ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

IIT Guwahati; মাহে ১০ হাজাৰ টকাৰ পৰা ১৮ লাখ...

⬆️আইআইটি গুৱাহাটী সৃষ্টিৰ ২৭ বছৰীয়া ইতিহাসত এইবাৰ প্ৰথম বাৰৰ বাবে ৮৪৩ জন শিক্ষাৰ্থীয়ে একেলগে কেম্পাছ প্লেচমেণ্টত চাকৰিৰ...

গিনিজ বুক অৱ ৰেকৰ্ডাৰ অভিজিৎ বৰুৱাৰ নেতৃত্বত Self Defence,...

■ যোৰহাটৰ গৌৰৱ, গিনীজ বুক অব ৰেকৰ্ডৰ অধিকাৰী, অভিজিত বৰুৱা নেতৃত্বত লাচিত বৰফুকন ইউথ একাডেমীৰ উদ্যোগত Self...

ৰঙিয়াত জব্দকৃত ট্ৰাকত নিশা অগ্নিসংযোগ দুৰ্বৃত্তৰ

ৰঙিয়া থানাৰ সন্মুখত মঙলবাৰে সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ...