23 C
Guwahati

কৃষ্ণাইত লোমহৰ্ষক ঘটনাঃ মাত্ৰ ৪ হাজাৰ টকাৰ লোভত বন্ধুক ঘপিয়াই হত্যাৰ চেষ্টাঃ দোষীক জেল হাজোতলৈ প্ৰেৰণ

- Advertisement -

এক লোমহৰ্ষক ঘটনাই কঁপাইছে সমগ্ৰ কৃষ্ণাই অঞ্চল৷ সামান্য কেই হেজাৰমান টকা আৰু এটি ম’বাইল ফোনৰ লোভত বন্ধুৱে হত্যাৰ চেষ্টা চলালে বন্ধুক৷ ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত মাকৰিবড়ী গাঁও৷ এই মাকৰিবড়ীতে মোস্তাফা আলী নামৰ যুৱক জনে হত্যাৰ চেষ্টা চলায় নিজৰে বন্ধু হাচানুৰ বেপাৰীক৷ হাচানুৰ বেপাৰীৰ ঘৰ দক্ষিণ শালমাৰাৰ ফুলবাৰীত৷

জানিব পৰা মতে হাচানুৰ বেপাৰীয়ে একেলগে কাম কৰা কৃষ্ণাই মাকৰিবড়ীৰ মোস্তাফা আলীৰ সৈতে একেলগে গুৱাহাটীৰ পৰা কৃষ্ণাইলৈ আহি মুস্তাফাৰ ঘৰলৈ যায়৷ পিছত সন্ধিয়া প্ৰায় ৭ মান বজাত মুস্তাফাই হাছানুৰ বেপাৰীক বায়েকৰ ঘৰত ফুৰাব নিম বুলি চলাহি কথাৰে ফুচুলাই কাষৰীয়া মাটিয়া পাহাৰৰ পিনে লৈ যায় আৰু তাতে চোকা অস্ত্ৰৰে হাচানুৰক হত্যাৰ চেষ্টা চলায় মোস্তাফাই৷

অৱশ্যে ভাগ্যৰ বলত হাচানুৰে ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতে তেজেৰে লুতুৰি পুতুৰি হাচানুৰক জামবাৰীৰ পথৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে৷ লগে আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক আগিয়া প্ৰাথমিক চিকিৎসালৈ প্ৰেৰণ কৰে৷ তাৰ পৰা যুৱক জনক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে আহত হাছানুৰ বেপাৰীৰ অভিযোগৰ ভিত্তিত নিশাই মাকৰিবড়ীৰ পৰা মুস্তাফা আলীক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে কৃষ্ণাই আৰক্ষীয়ে৷ ঘটনাটোৱে সমগ্ৰ কৃষ্ণাইতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

বন বিভাগৰ আজৱ কাণ্ড : মৃত বন বিষয়াক দিলে...

  এই বাৰ বন বিভাগত ঘটিল অঘটন । এমাহ পূৰ্বে মৃত্যু হোৱা বন বিষয়াক দিলে বন বিভাগৰ সচীবে...

ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! হোৱাটছএপ, টেলিগ্ৰামকে ধৰি সকলো বিদেশী...

📱এতিয়াৰ পৰা চৰকাৰী কাম কাজত জড়িত চৰকাৰী পক্ষৰ লোকে ব্যৱহাৰ কৰিব নোৱাৰিব গুৰুত্বপূৰ্ণ মোবাইল এপ্লিকেছন। চৰকাৰী বিষয়াসকলৰ...

ধুবুৰীত ধুবুৰী জিলা আমছুৰ বাৰ্ষিক অধিৱেশনঃ

♦বিধান সভা নিৰ্বাচনত আমছুয়ে প্ৰতিনিধিত্ব কৰিব ♦বিজেপিয়ে সংখ্যাঘলু মানুহক প্ৰতাৰণা কৰিছে ♦পুনৰবাৰ ধুবুৰী জিলা আমছুৰ সভাপতি আব্দুল বাতেন শেখ...