24.4 C
Guwahati

নলবাৰী জিলা সাহিত্য সভাত ‘নলবৰীয়া প্ৰচলিত শব্দ, জতুৱা ঠাঁচ, ফকৰা–যোজনা’ নামৰ পুথি উন্মোচন

- Advertisement -

■ নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি– সাহিত্যিক পেন্সন প্ৰাপক গোলোক পাঠকৰদ্বাৰা ৰচিত ‘নলবৰীয়া প্ৰচলিত শব্দ, জতুৱা ঠাঁচ, ফকৰা–যোজনা’ নামৰ পুথি এখন ২৫ জুলাইত নলবাৰীত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সভাৰ কাৰ্যালয়ত এই উপলক্ষত আয়োজিত সভাত পুথিখন উন্মোচন কৰে নলবাৰী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক প্ৰভাত চন্দ্ৰ শৰ্মাই ।

সভাত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই উদ্বোধন কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই । সভাত সন্মানিত অতিথি হিচাপে প্ৰবীণ খেলুৱৈ জিতেন্দ্ৰ নাথ শৰ্মা, বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মা আৰু কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই ভাগ লয় ।

পুথি উন্মোচনী সভাৰ পূৰ্বে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ সন্মুখত থকা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামী আৰু বিশিষ্ট শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আৱক্ষ মুৰ্তিত শ্ৰদ্ধা নিৱেদন কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাই । বিশিষ্ট ভাস্কৰ্যশিল্পী যোগেন্দ্ৰনাথ শীলে মুক্তিযুঁজাৰু হৰিচৰণ পাঠকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

বৰক্ষেত্ৰীৰ চৰাঞ্চলত বানৰ তাণ্ডৱ, অব্যাহত ব্যাপক গড়াখহনীয়া

■ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালৰূপ ধাৰন কৰিছে বাঢ়নী পানীয়ে। সমান্তৰালকৈ অব্যাহত আছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চলত। বানপানীৰ...

বিহালী দক্ষিণ ৰাংছালীত ক’ন্টেইনমেন্ট জ’ন ঘোষণা জিলা প্ৰশাসনৰঃ কন্টেনমেন্ট...

♦ বিহালী পৰা পলাশ প্ৰিয়মঃ বিহালীত সমষ্টিত দৈনিক বৃদ্ধি পাইছে ক’ভিড-১৯ আক্ৰান্ত সংখ্যা। সমষ্টিটো ৮০০ ৰো অধিক...

Coronavirus || চুইংগামে কোভিড সংক্ৰমণ ৰোধ কৰিব পাৰে!

■ চুইংগামে কৰোনাভাইৰাছ ৰোধ কৰিব পাৰে! এক নিৰ্দিষ্ট প্ৰকাৰৰ চুইংগাম, লেলাৱতিত লাগি থাকিলে, শৰীৰত চাৰ্চ-কভ-২ ভাইৰাছ সংক্ৰমিত...