22 C
Guwahati

বিশ্বনাথৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ দোলন শৰ্মা আৰু ভাতৃ হিৰণ্য শৰ্মাৰ মৃত্যু

- Advertisement -

অসম ডিজিটেল ডেস্ক ২৮আগষ্ট ::- বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট শিক্ষাবিদ চাৰিআলি একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দোলন শৰ্মাৰ (৭০)আজি  সন্ধিয়া পৰলোক প্ৰাপ্তি ঘটে। কিছুদিন ধৰি শৰ্মা নগাঁও ৰ নিজৰ একমাত্ৰ জীয়ৰীৰ ঘৰত থাকি স্নায়ু জনিত ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছিল। বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক শৰ্মা সদৌ অসম সূৰ্য বৰা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিকে ধৰি অঞ্চলটোৰ বহু কেইটা অনুষ্ঠানৰ লগত জড়িত আছিল। চাৰিআলি একাডেমী ৰ সহকাৰী শিক্ষক হিচাপে যোগদান কৰা শৰ্মাই পিছত চাৰিআলি একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাবে কাৰ্যনিৰ্বাহ কৰে।২০১১চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি এক মাত্ৰ কন্যা সন্তান আৰু বহুতো আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়। শৰ্মাৰ মৃত্যুত বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভা,চাৰিআলি একাডেমী শিক্ষক গোট,বিশ্বনাথ জিলা মাধ্যমিক শিক্ষক সন্থাকে ধৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।ইফালে আজি পুৱতি নিশা দোলন শৰ্মাৰ সহোদৰ বৰিগাঁও নিবাসী ব্যৱসাযী তথা পাভৈ ব্যৱসায় সমবায় সমিতিৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী হিৰণ্য শৰ্মাৰ(৬৪)আকস্মিক ভাবে মৃত্যু ঘটে।জানিব পৰা মতে পুৱতি নিশা বাহিৰলৈ যোৱা শৰ্মা হঠাৎ অসুস্থ হৈ পৰে আৰু তেওঁ চিকিৎসা লয় লৈ নিয়া হয় যদিও তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে।মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি১জন পুত্ৰ সন্তান ইহসংসাৰত এৰি থৈ যায়।আজি পাভৈব্যৱসায় সমবায় সমিতি লি:ৰ সম্পাদক সূৰ্য বৰা আৰু কৰ্মচাৰী সকলে শৰ্মাৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে।বৰিগাঁও গাঁও সংগঠন,মহিলা সমিতিকে ধৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।ইফালে একেদিনাই বিশ্বনাথ চাৰিআলিৰ দুই সহোদৰৰ মৃত্যু ঘটে ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
23.7 ° C
23.7 °
23.7 °
55 %
2.9kmh
75 %
Thu
24 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

গন্ধিয়াৰ সমাজসেৱিকা কনকলতা দেৱীৰ ৮০ সংখ্যক ওপজাদিন উপলক্ষে ‘তুমি...

● যি সময়ত একাংশ পুত্ৰ-বোৱাৰীৰ নিৰ্যাতনৰ সন্মুখীন হৈ একাংশ পিতৃ-মাতৃয়ে বৃদ্ধ বয়সত বৃদ্ধাৱাসৰ অতিথি হ'বলগীয়া হৈছে সেই...

হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ! যদি আপুনি এতিয়া টকা...

● নতুন দিল্লীঃ বৰ্তমান সময় ডিজিটেল যুগ। ডিজিটেল যুগৰ দ্ৰুত প্ৰসাৰতাই সমগ্র বিশ্বক বহুদূৰ আগুৱাই লৈ গৈছে।...

১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা অখিল গগৈৰ...

♦আছিফ আলি, শিৱসাগৰঃ ১০৮ নং শিৱসাগৰ সমষ্টি আগন্তুক বিধান সভা নিৰ্বাচনক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে।কা' বিৰোধী...