24.4 C
Guwahati

কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ খণ্ডত গাঁথনিগত আৰু নতুনত্ব প্ৰক্ৰিয়াত অনুমোদন

- Advertisement -

●কেন্দ্ৰীয় কেবিনেটে আজি টেলিকম খণ্ডত কেইবাটাও গাঁথনিগত আৰু প্ৰক্ৰিয়া নবীকৰণত অনুমোদন জনাইছে।

যাৰ ফলস্বৰূপে নিযুক্তিৰ সুযোগ সুৰক্ষিত আৰু পদৰ সৃষ্টি কৰিব, সেৱা খণ্ডৰ উন্নয়ন বৃদ্ধি কৰিব, গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰিব, বিনিয়োগক উৎসাহিত কৰাৰ লগতে টেলিকম সেৱা প্ৰদানকাৰীৰ ওপৰত নিয়ামক বোজা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

এনেধৰনৰ সংস্কাৰমূলক পদক্ষেপসমূহে ব্ৰডবেণ্ড আৰু টেলিকম সংযোগৰ প্ৰসাৰতাক অধিক বৃদ্ধি কৰিবলৈ সক্ষম হব।

কেবিনেটৰ এই সিদ্ধান্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক শক্তিশালী টেলিকম খণ্ডৰ দৃষ্টিভংগীক আৰু শক্তিশালী কৰি তুলিছে।

কেবিনেট বৈঠকৰ পিছত সাংবাদিকসকলক অৱগত কৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, এই পেকেজটোৱে ৪জি প্ৰসাৰ বৃদ্ধি কৰিব, তৰলতা বৃদ্ধি কৰিব আৰু ৫জি নেটৱৰ্কত বিনিয়োগৰ বাবে এক সক্ষম পৰিৱেশ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

লগতে তেওঁ কয় যে, টেলিকম সেৱা প্ৰদানকাৰীসকলৰ বাবে ৯ টা গাঁথনিগত সংস্কাৰ আৰু ৫ টা প্ৰক্ৰিয়াগত সংস্কাৰৰ লগতে সাহায্যব্যৱস্থাক গ্ৰহণ কৰা হৈছে।

বিনিয়োগক উৎসাহিত কৰিবলৈ টেলিকম খণ্ডত স্বয়ংক্ৰিয় পথৰ অধীনত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ (এফডিআই) অনুমতি দিয়া হৈছে।

ইয়াৰোপৰি স্পেকট্ৰাম নিলামৰ কাৰ্যকাল ২০ ৰ পৰা ৩০ বছৰলৈ বৃদ্ধি কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

পবিতৰা গঁড় ৰক্ষণাবেক্ষণৰ বাবে বনকৰ্মীলৈ অত্যাধুনিক সামগ্ৰী প্ৰদান আৰু...

■ মায়ঙৰ পৰা পিংকু দেৱ নাথঃ বিশ্ব প্ৰসিদ্ধ এশিঙিয়া গঁড়ৰ বিচৰন ভূমি মায়ঙৰ পবিতৰা অভয়াৰণ্যতৰ বন বিষয়া...

বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা ২০২৫ বৰ্ষৰ বাবে...

গুৱাহাটীঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজিৰ ওপজা দিনটোক বিশেষ কৰি তুলিলে গুৱাহাটীৰ বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে।...

টিহুত অন্ধবিশ্বাস–কুসংস্কাৰৰ বিৰূদ্ধে ৰাইজমেল

♦নলবাৰীঃ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অন্তৰ্গত টিহু উন্নয় খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ১৪ ফেব্ৰুৱাৰীত...