24.4 C
Guwahati

লখিমপুৰৰ বান্দৰদেৱাত  কুখ্যাত চোৰ আৰক্ষীৰ জালত: মটচাইকেল উদ্ধাৰ :

- Advertisement -

 

লখিমপুৰৰ বান্দৰদেৱাত  কুখ্যাত চোৰ আৰক্ষীৰ জালত: মটচাইকেল উদ্ধাৰ :

লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱতী বান্দৰদেৱাত বাহৰপাতি তিনি অৰুণাচলী মটৰচাইকেল চোৰে মটৰচাইকেল চুৰি কৰাৰ তথ্য অসম আৰক্ষীৰ হাতত পৰিছিল ৷বান্দৰদেৱা আৰক্ষী চকীৰ পেট্ৰলিঙত যোৱা নিশা পথালি পাহাৰৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই তিনিখন চুৰি মটৰচাইকেল জব্দ কৰিবলৈ সক্ষম হয় ৷

বান্দৰদেৱা আৰক্ষীয়ে ASO7M. 8582 নম্বৰৰ চাইকেলখনৰ সৈতে কুখ্যাত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মটৰচাইকেল চোৰ আটিচ ৰাম ডাচু (১৯)নামৰ চোৰটো আৰক্ষীৰ জালত পৰে ৷

আৰক্ষীৰ তালাচী অব্যাহত থকাৰ মাজতে বান্দৰদেৱা টোলগেটৰ সমীপত নাম্বাৰ প্লেট বিহীন দুখন চুৰি
মটৰচাইকেল ৰখাই চোৰে পলায়ন কৰে ৷

অৰুণাচলৰ কুখ্যাত চোৰ আটিচে সংবাদ মাধ্যমক কয় যে, বান্দৰদেৱাৰ পৰা নিশা তিনিখন চুৰি মটৰচাইকেল লৈ তিনি অৰুণাচলী চোৰে বালিপাৰা হৈ বমডিলা আৰু টাৱাং যাবলৈ লোৱাৰ সময়ত বান্দৰদেৱাতেই আৰক্ষীৰ জালত পৰে এটা গভাইত চোৰ ৷

আন দুই চোৰে আৰক্ষীৰ তালাচীৰ মাজতে পলায়ন কৰে ৷বান্দৰদেৱা আৰক্ষী চকীত গভাইত চোৰ আটিচৰ লগতে তিনিখন চুৰি মটৰচাইকেল আৰক্ষীৰ জিম্মাত ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

প্ৰেৰক  জয়ন্ত কুমাৰ হাজৰিকাৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

নগাঁওত জলাশয়ত উদ্বেগজনক ভাৱে হ্ৰাস পাইছে পৰিভ্ৰমী পক্ষীৰ আগমন

  অসম খবৰ নগাঁও ১৯ অক্টোবৰ : নগাঁও জিলাৰ একাধিক নৈ, সুঁতি, তিনি কুৰিৰো অধিক বিল, জলাশয়,দলনি, পিটনিলৈ শীতৰ...

টংলাত বিজেপি-এজিপি-ইউপিপিএলৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

দৰং-ওদালগুৰি সংসদীয় সমষ্টিত বিপুল ব্যৱধানত জয়ী হোৱাৰ দাবী প্ৰাৰ্থী দিলীপ শইকীয়াৰ ওদালগুৰিৰ পৰা চিন্ময় ডেকাঃ সংসদীয় নিৰ্বাচনৰ দিন...

বিশ্বনাথৰ বৰপামত কৰম পূজাঃ মাংগলিক নীতি-নিয়মৰ মাজেৰে পূজা সম্পন্ন

■ বিশ্বনাথৰ বৰপাম তিনিআলিত অতি উলহমালহেৰে উদযাপন কৰা হয় কৰম পূজা। ২০ তম কৰম পূজা ভাগত কুমাৰী...