21 C
Guwahati

দৰমাহ আদায় নিদিয়াৰ প্ৰতিবাদত ধুবুৰীত জলসিঞ্চন বিভাগৰ চতুৰ্থ বিভাগৰ কৰ্মচাৰৰ ধৰ্মঘট পালন ৷

- Advertisement -

♦ ৰিটেনষ্টন নথকাত যোৱা চাৰিমাহে চৰকাৰে বকেয়া দৰমাহ আদায় নিদিয়াৰ প্ৰতিবাদত জলসিঞ্চন বিভাগ ধুবুৰী সংমণ্ডলৰ গৌৰীপুৰ কাৰ্য্যালয় প্ৰাংগনত আজি দৰমাহ আদায়ৰ লগতে কেইবাটাও দাবীৰে চতুৰ্থ বৰ্গৰ ৮৮ জন কৰ্মচাৰীয়ে দিনযোৰা কাৰ্য্যসূচীৰে অৱস্থান ধৰ্মঘট পালন কৰি চৰকাৰৰ বিৰুদ্ধে বিভন্ন শ্ল’গানৰে আকাশ বতাহ কঁপাই তোলে৷

যোৱা ২০২০ চনৰ চেপ্তেম্বৰ মাহৰ পৰা আজিৰ তাৰিখলৈ চাৰিমাহৰ বকেয়া মাহিলী দৰমাহ চৰকাৰক অতিশীঘ্ৰে আদায় দিবলৈ দাবী জনোৱাৰ লগতে ২০০৫ চনত চৰকাৰী নিয়মীয়া হোৱা চতুৰ্থ বৰ্গৰ শিক্ষিত কৰ্মচাৰী সকলক যোগ্যতাৰ ভিত্তিত পদোন্নতি দিয়াৰ ব্যৱস্থা আৰু অৱসৰ গ্ৰহনৰ পিছত পেঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে কৰ্মচাৰী সকলক গ্ৰজুৱেটি অৰ্জিত ছুটি দিয়াৰ দাৱী জনায়৷ ইফালে বিভাগীয় কতৃপক্ষই নতুন নিয়মীয়া ২ জন কৰ্মচাৰীক পদোন্নতি দিয়াৰ বাবে বিত্ত বিভাগে এই ৮৮ জন কৰ্মচাৰীৰ দৰমাহ আদায় দিয়া নাই৷

ইপিনে যোৱা চাৰিমাহে এই সকল কৰ্মচাৰীৰ দৰমাহ আদায় নিদিয়াৰ ফলত পৰিয়াল সকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই সংক্ৰান্ততে ভুক্তভোগী কৰ্মচাৰী সকলে বিভাগীয় কৰ্তৃপক্ষক এখন লিখিতভাবে অভিযোগ নামা দাখিল কৰিছে৷

গতিকে কৰ্মচাৰী সকলে আজি এই ধৰ্মঘটৰ জৰিয়তে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনতিপলমে এই দাবী সমূহ মানি লোৱাৰ বাবে অনুৰোধ জনায়৷ অনগত দিনত উক্ত দাবীসমূহ যদি মানি নলয় তেনেহ’লে গণতান্ত্ৰিক ভাৱে আনন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কৰ্মচাৰীৰ হৈ আশোক ঘোষ, ফিৰোজউদ্দিন সেখ আৰু ৰত্না চক্ৰৱৰ্তীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

জনাদেশ-২০২১ || LIVE

ASSAM ASSEMBLY ELECTION 2021  Trend. 126 | 126 ∆ BJP @ 60 ∆ AGP @ 10 ∆ CONGRESS @ 26 ∆ AIUDF @...

বিতৰ্কিত বিধয়াক শ্বেৰমান আলীক গ্ৰেপ্তাৰ

দিচপুৰ আৰক্ষীয়ে প্ৰেপ্তাৰ কৰে শ্বেৰমান আলিক বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ বিতৰ্কিত বিধায়ক শ্বহীদক অপমান কৰিছিল শ্বেৰমান আলীয়ে বৰ্তমান পানবজাৰ আৰক্ষীৰ...

বিশ্বনাথৰ চেঙামাৰী হাইস্কুলত বিজ্ঞানৰ ব্যতিক্ৰমী পাঠদান বিজ্ঞান শিক্ষকৰ; শ্ৰেণী...

♦ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনঃ বিশ্বনাথৰ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অগতানুগতিক বিজ্ঞান শিক্ষা প্ৰদান কৰাৰ...