24.4 C
Guwahati

শিক্ষক-সমাজকৰ্মী হেমন্ত বৰুৱাৰ মৃত্যুত ৰঙাপৰা প্ৰেছৰ শোক প্ৰকাশ

- Advertisement -

● শোণিতপুৰ জিলাৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা হেমন্ত কুমাৰ বৰুৱাৰ (৫৯) আজি মৃত্যু ঘটাত সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে।

ঢেকীয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তেজপুৰ বান থিয়েটাৰৰ প্ৰাক্তন সম্পাদক, তেজপুৰ জ্যোতিকলা সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, অসম কলেজ শিক্ষক সংস্থাৰ কেন্দ্ৰীয় সদস্য, আলোচনী সম্পাদক, সাদিনীয়া সংবাদ পত্ৰৰ সহকাৰী সম্পাদক, তেজপুৰ পৌৰসভাৰ ১৮ নং ৱাৰ্ডৰ প্ৰাক্তন সদস্য, অসম আন্দোলনৰ সক্ৰিয় সদস্য, শোণিতপুৰ বিদ্যাপীঠ পৰিচালনা সমিতিৰ সভাপতি, বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ গৰাকীৰ মৃত্যুত ৰঙাপৰা প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ জনাইছে।

ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি পংকজ নাথ, সম্পাদক শশী ভুষণ শৰ্মাকে ধৰি সমূহ সদস্য বৃন্দই তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

কৰ্মজীৱন শেষ নহওঁতে স্বৰ্গগামী হোৱা হেমন্ত কুমাৰ বৰুৱাৰ মৃত্যুত তেজপুৰ জিলা কৰ্মচাৰী পৰিষদ আৰু তেজপুৰ জিলা হাইস্কুল শিক্ষক সংস্থায়ে গভীৰ শোক কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছেঃ মুখ্যমন্ত্ৰী

অসম বিধানসভাত আজি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...

নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতিয়ে গৰুখুটি সন্দৰ্ভত মন্তব্য...

  নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতিয়ে গৰুখুটি সন্দৰ্ভত মন্তব্য : ভাৰতীয় জনতা পাৰ্টি,নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা নলবাৰী...

নলবাৰীৰ আইনুলৰ উপযুক্ত চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ মোৰ অকণমান...

শাৰীৰিকভাৱে অক্ষম আইনুলৰ সম্পূৰ্ণ বিকল হৈ পৰা ভিৰিখন সুস্থ কৰি তুলিবলৈ প্ৰয়োজন উপযুক্ত চিকিৎসাৰ শুকুৰবাৰে নলবাৰীৰ...