20 C
Guwahati

নিশা ৰঙিয়াত দুৰ্বৃত্তই জ্বলাই দিলে বিকলাংগ যুৱকৰ দোকান

- Advertisement -

♦ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ, অসম খবৰঃ

ক্ৰমাৎ সমাজৰ পৰা যেন নিঃশেষ হʼব ধৰিছে মানৱতা, ঠিক তেনেই এক কৰূণ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ অন্তৰ্গত উদীয়ানা গাঁওৰ ইফটাকুল ইছলাম নামৰ এজন যুৱকৰ লগত৷ তেওঁ এজন বিকলাংগ যুৱক। তেওঁ নলবাৰী কাৰিকৰী শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিছিল কিন্তু টকা-পইচাৰ অভাৱত শিক্ষা আধাতে এৰি ঘৰ চলাবলৈ এখন সৰু দোকান দি কোনোমতে ঘৰখন চলাই আছিল।

ঘৰখনত তেওঁ ,তেওঁৰ মাক আৰু ভায়েকৰ সৈতে পেটেভাতে চলি আছিল। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথেই আছিল এই দোকান খন। কিন্তু বুধবাৰে নিশা কোনো দুৰ্বৃত্তই এই দোকান খন জুই লগাই দিয়ে আৰু যাৰ ফলত দোকান খনত থকা সকলো সামগ্ৰী ভষ্মীভূত হয়। এই ঘটনাৰ পিছত পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি কিছুদিন আগত ৰাইজে যুৱকজনক দান বৰঙণি তুলি সহায় কৰি দোকান খন আৰম্ভ কৰি দিছিল, আজিৰ এই ঘটনাক গাওঁবাসীয়ে সহজভাবে লʼব পৰা নাই। স্থানীয় ৰাইজে এই ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে দোষীক অতিশীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ৰঙিয়াত বিজেপিৰ প্ৰাৰ্থীত্ব ডাঃ প্ৰত্যশী প্ৰাঞ্জল ভৰালীৰ পোষ্টাৰ চিঙি...

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন ■ আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ পূৰ্বে ৰঙিয়া সমষ্টিত বিজেপি...
Mode of transport - Transport

আজি ৭২তম বন মহোৎসৱঃ কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়...

♦আজি ৭২ তম বন মহোৎসৱ৷ অন্যান্য বছৰৰ আজিৰ দিনটোত সমগ্ৰ ৰাজ্যতে উলহ মালহেৰে বন মহোৎসৱ উদযাপিত হয়...

ডুমডুমাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গণ গৰ্জন

▶️ডুমডুমাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ গণ গৰ্জন ▶️অৰুণাচলৰ চাহ অসমত প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী ▶️নায্য প্ৰাপ্তিৰ দাবীত ক্ষুদ্ৰ চাহ...