19 C
Guwahati

বিজুলী বিভাগৰ চুড়ান্ত দায়িত্বজ্ঞানহীনতা

- Advertisement -

♦ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ, অসম খবৰঃ
ৰঙিয়া মহকুমাৰ অন্তৰ্গত হেমদোল গাঁওত বিজুলী বিভাগৰ দায়িত্বজ্ঞানহীনতা পুনৰবাৰ উন্মোচিত হৈছে। বাসগৃহৰ ওপৰেদি যোগান ধৰিছে সক্ৰিয় বিদ্যুৎ পৰিবাহী তাঁৰ। বিদ্যুৎ বিভাগৰ ৰঙিয়া ২ নং বৈদ্যুতিক উপ-সংমণ্ডলৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবেই অঞ্চলবাসীয়ে ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে।

বিজুলী পোষ্ট সমুহৰ উচ্চতা মাত্ৰ দহ বাৰ ফুটমান হোৱাৰ ফলত পথটোৰে নিতৌ অহা-যোৱা কৰা পথচাৰিৰ গাত উক্ত বিদ্যুত পৰিবাহী তাৰ লাগি যিকোনো মুহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ তীব্ৰ আশংকাই দেখা দিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষ ইমানৰ পিচতো যেন ঘোৰ নিদ্ৰাত।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে বহুবাৰ বিভাগীয় কাৰ্যালয়ক অৱগত কৰিছে যদিও আজিলৈকে কোনো ব্যৱস্থা কৰাৰ কথা বাদেই, ঠাইডোখৰত উপস্থিতেই নহ’ল এজনো বিষয়া কৰ্মচাৰী। যদিহে কিবা অঘটন হয় অকৰ্মণ্য বিদ্যুৎ বিভাগটো সম্পূৰ্ণ দায়ী হʼব বুলি ৰাইজে জনাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
17 ° C
17 °
17 °
79 %
1.6kmh
54 %
Thu
30 °
Fri
31 °
Sat
33 °
Sun
35 °
Mon
35 °

More like this

কেন্দুকুছিত ক’ভিড-১৯ টিকাকৰণ কেন্দ্ৰত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা আছু’ৰ

■ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত উত্তৰ পূব খাতা শাখা ছাত্ৰ সন্থাৰ এটি সজাতী দলে পুৱা নলবাৰী...

কেন্দ্রীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক-২০২৩, বিধেয়কক লৈ লোকসভাত আলোচনা

লোকসভাত আজি কেন্দ্রীয় বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৩ লৈ পুনৰ মধ্যাহ্ন ভোজন বিৰতিৰ পাছত আলোচনা আৰম্ভ হয়। বিধেয়কখনৰ...

Prime Minister Narendra Modi will visit Assam on 3rd...

● চলিত মাহৰ ৩ আৰু ৪ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচী হাতত লৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে...