32.2 C
Guwahati

ৰঙাপৰাত অনুষ্ঠিত অসম চাহ মজদুৰ সংঘৰ সাংগঠনিক সভা, সংঘক আৰু অধিক শক্তিশালী কৰিবলৈ আহ্বান

- Advertisement -

● অসম চাহ মজদুৰ সংঘৰ এক জৰুৰী সাংগঠনিক সভা অসম চাহ মজদুৰ সংঘৰ ৰঙাপৰা স্থিত কাৰ্যালয়ত আজি দিনৰ ১১বজাত অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণ কৰি অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সাধাৰণ সম্পাদক ৰুপেশ গুৱালাই বৰ্তমান অসম চৰকাৰে চাহ শ্ৰমিকৰ পক্ষত কিছু উল্লেখযোগ্য সিদ্ধান্ত লোৱাৰ বাবে চৰকাৰৰ সিদ্ধান্তক আদৰনি জনায় লগতে সুবিধা সমূহ শ্ৰমিক ৰাইজে উপভোগ কৰিব পৰাকৈ অসম চাহ মজদূৰ সংঘ সদায় সচেতন হৈ থকা উচিত বুলি উল্লেখ কৰে।

অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ সভাপতি মাধৱ ভুমিজৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সংঘৰ তেজপুৰ শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক সুনীল টুটীয়ে।সভাত ৰূপেশ গুৱালাই সংঘক আৰু অধিক শক্তিশালী কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসম চাহ মজদুৰ সংঘ সদায় শ্ৰমিক সকলৰ বাবে আৰু শ্ৰমিক সকলৰ সমস্যা সমাধানৰ বাবে দায়বদ্ধ বুলি নিজৰ ভাষনত উল্লেখ কৰে।

আজিৰ সভাত সংঘৰ তেজপুৰ শাখাৰ উপ সভাপতি তুলাৰাম ৰহিদাস,সংঘৰ গাননীক গজেন শইকীয়া,কাৰ্যালয় সম্পাদক অমিয় বৰঠাকুৰ, পিদবাস বাঘ,হিৰামনি শইকীয়াৰ লগতে তেজপুৰ শাখাৰ অন্তৰ্গত সমুহ চাহ বাগিচাৰ সভাপতি, সম্পাদক উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

প্ৰধানমন্ত্ৰীক কৰ্ণাটকৰ খ্ৰীষ্টানসকলৰ ‘সুৰক্ষা’ নিশ্চিত কৰিবলৈ আহ্বান মেঘালয় বিজেপি...

■ মেঘালয়ৰ একমাত্ৰ বিজেপি মন্ত্ৰী চানবৰ শুল্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ চিঠি লিখি কৰ্ণাটকত বাস কৰা খ্ৰীষ্টানসকলৰ "সুৰক্ষা...

বিধায়ক ৰঞ্জিত দত্ত প্ৰশংসনীয় পদক্ষেপ

 বিধায়ক ৰঞ্জিত দত্ত প্ৰশংসনীয় পদক্ষেপ আজি বিহালী সমষ্টিৰ অন্তৰ্গত ৰঙাগড়া গাওঁ পঞ্চায়তৰ অধিনৰ দীপা দেৱী আৰু গাংমৌথান গাওঁ...

বিহালীৰ ঐতিহ্যমণ্ডিত গাংমৌ থান আৰু এটি প্রাচীন কালী মন্দিৰ...

      গাংমৌ থানৰ নির্মিয়মাণ সংহত ভৱনৰ কাম দ্রুততাৰে সম্পূৰ্ণ কৰাৰ বাবে থান পৰিচালনা সমিতিলৈ সকলােধৰণৰ সহায়-সহযােগিতা আগবঢ়োৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ গহপুৰৰ ঘাঁহিগও...