● নলবাৰী : “শিক্ষা–সাহিত্যত শৰৎচন্দ্ৰ গোস্বামীৰ বিশেষ দক্ষতা আছিল । শৰৎচন্দ্ৰ গোস্বামী আছিল এগৰাকী মহৎ লোক । অসমীয়া সাহিত্যত শৰৎচন্দ্ৰ গোস্বামী যুগ স্ৰষ্টা ।’’—এই মন্তব্য সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ । নলবাৰী জিলা সাহিত্য সভাৰ সৌজন্যত আৰু নন্দন শাখা সাহিত্য সভাৰ উদ্যোগত ১৯ ডিচেম্বৰত আয়োজিত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামী আৰু সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ স্মৃতি দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাহিত্যাচাৰ্য–নলবাৰীৰত্ন ডঃ ভট্টাচাৰ্যই কয় অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎচন্দ্ৰ গোস্বামীয়ে গীত, কবিতা, নাটক, উপন্যাস আৰু গল্প ৰচনা কৰিছিল । বিশেষকৈ গল্প ৰচনাত গোস্বামীৰ স্থান সুকীয়া বুলিও তেওঁ মন্তব্য কৰে । শৰৎচন্দ্ৰ গোস্বামীৰ চুটিগল্প নিখুঁট আছিল বুলিও ডঃ ভট্টাচাৰ্যই কয় । নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনস্থিত ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত জিলা সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে নন্দন শাখা সাহিত্য সভাৰ সভাপতি ডঃ ৰবীন দাসে । উদ্বোধনী ভাষণত ডঃ দাসে শৰৎচন্দ্ৰ গোস্বামীৰ সাহিত্যিক অৱদান বিস্তৃত ভাৱে ব্যাখ্যা কৰে । শৰৎচন্দ্ৰ গোস্বামীয়ে নলবাৰীৰপৰা গৈ অসম সাহিত্য সভাত একনিষ্ঠ সেৱা আগবঢ়াইছিল বুলিও দাসে কয় । সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বিপ্লৱ ডেকাই শৰৎচন্দ্ৰ গোস্বামীৰ গল্পৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে । শৰৎচন্দ্ৰ গোস্বামী আৰু চৈয়দ আব্দুল মালিকৰ গল্পই অসমীয়া সাহিত্যত বিশেষ স্থান লাভ কৰিছে বুলিও তেওঁ কয় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰীয়া অধ্যাপিকা ড° উপমা বৰ্মন ডেকাই বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ জীৱন আৰু সাহিত্যৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে ।
সভাৰ আৰম্ভণিতে শৰৎচন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰভাগ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাই, মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাই আৰু চৈয়দ আব্দুল মালিকৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰীয়া অধ্যাপিকা ডঃ উপমা বৰ্মন ডেকাই । সভাত জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা আৰু শ্বাহ আলম আহমেদ, সাংগঠনিক সম্পাদক জয়চন্দ্ৰ শৰ্মা, কাৰ্যালয় সম্পাদক নৱদীপ বৰকটকী, প্ৰজ্ঞাদীপ শাখা সাহিত্য সভাৰ সভাপতি ডাঃ প্ৰাণকান্ত ভট্টাচাৰ্য, শিক্ষাৰ্থী ফাৰিহা চাহিন, সাংবাদিক আলিয়াছ আহমেদকে ধৰি কেইবাগৰাকী সাহিত্যসেৱক উপস্থিত থাকে । সভাৰ শেষত নন্দন শাখা সাহিত্য সভাৰ সম্পাদক ৰমেন তালুকদাৰে শলাগৰ শৰাই আগবঢ়ায় ।