23 C
Guwahati

Live-in Relationship or Living Together: নতুন প্ৰজন্মই সহবাসত অধিক আগ্ৰহী, বিবাহত নহয়, অধ্যয়নত প্ৰকাশ

- Advertisement -
File Photo

♥ বৰ্তমান সমাজ ব্যৱস্থাত আধুনিক সমাজক অধিক গুৰুত্ব দিয়া দেখা গৈছে, মানুহৰ সম্পৰ্কৰো তেনেধৰণৰ হৈ পৰিছে৷ চিন্তা চৰ্চা ব্যক্তিকেন্দ্ৰীক হোৱা দেখা গৈছে৷ এয়া সমাজৰ কোনো স্বীকৃত ৰীতি-নীতি নহয়, মানুহৰ ব্যক্তিগত জীৱন এনেকুৱা হ’ব লাগিব বুলি৷

File Photo

কিন্তু এনে আধুনিকীকৰণ ব্যৱস্থাত ব্যক্তিসকলৰ সিদ্ধান্ত কি সেয়াও স্পষ্ট নহয়। আজিৰ য়ুৱ সমাজে সামাজিক পৰিৱৰ্তনত আগশাৰীৰ ভূমিকা পালন কৰিছে। বিবাহ, সম্পৰ্ক বা সহবাসৰ দৰে বিষয়ত এটা জনপ্ৰিয় ডেটিং এপৰ শেহতীয়া অধ্যয়নত কোৱা হৈছে যে সম্পৰ্কত নতুন প্ৰজন্মৰ বাবে যৌনসম্পৰ্ক অধিক গ্ৰহণযোগ্য হিচাপে স্বীকৃত কৰিছে, বিবাহৰ দ্বাৰা বা সামাজিক স্বীকৃতিৰ দ্বাৰা সহবাস নহয়।

File Photo
File Photo

এটা জনপ্ৰিয় অনলাইন ডেটিং কোম্পানীটোৱে কৰা এক অধ্যয়ন অনুসৰি, ৩০ বছৰৰ তলৰ ৬৩ শতাংশ পুৰুষে তেওঁলোকৰ সঙ্গীৰ সৈতে যৌন সম্ভোগ কৰিবলৈ আগ্ৰহী হৈছে। তেওঁলোকে দাবী কৰে যে যদি তেওঁলোকে ভৱিষ্যতে বিবাহিত জীৱন যাপন কৰিব লগা হয়, এই সহবাসে ইজনে সিজনক বুজাত সহায় কৰিব। আনহাতে, ৩০ বছৰৰ অধিক বয়সৰ প্ৰায় ৫৫ শতাংশ লোকে বিবাহৰ প্ৰতি আগ্ৰহী।

File Photo

অধ্যয়নটোত অংশগ্ৰহণ কৰা ৩০ বছৰৰ তলৰ লোকৰ মাত্ৰ ২৮ শতাংশই ভাবে যে বিবাহ সহবাসতকৈ ভাল বা গুৰুত্বপূৰ্ণ৷ কিন্তু এই প্ৰৱণতা কিয়? ৭৪.৪ শতাংশ ব্যক্তিৰ মতামত, অধ্যয়নৰ তথ্য অনুসৰি, সহবাসে তেওঁলোকৰ পেছাদাৰী জীৱনত কম প্ৰভাৱিত কৰে।

File Photo

৬৯ শতাংশ লোকৰ মতে যিকোনো সম্পৰ্কৰ পৰা ওলাই আহি আৱেগিকভাৱে বিচলিত হয়। ফলস্বৰূপে, বিবাহ বিচ্ছেদৰ পিছত আইনী জটিলতা আৰু অন্য ক্ষেত্ৰত সহযোগিতা কৰা কঠিন হৈ পৰে। আনহাতে, সামাজিকভাৱে, মানুহে এতিয়াও বিবাহ বিচ্ছেদত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।

File Photo

কিন্তু সহবাসৰ বিষয়ে এতিয়াও এটা সাধাৰণ ধাৰণা আছে যে, সহবাস মানেই এইয়া কেৱল যৌনতাৰ উপভোগ। অধ্যয়নটোত অংশগ্ৰহণ কৰা পুৰুষ আৰু মহিলাসকলে এইটোও স্পষ্ট কৰিছিল যে, এই ধাৰণাটো একেবাৰে শুদ্ধ নহয়। ৭০.৫ শতাংশ লোকে জনায় যে, প্ৰেম-ভালপোৱা আৰু তেওঁলোকে একেলগে থাকিবলৈ ইচ্ছা কৰাটো হৈছে তেওঁলোকে একেলগে থাকিব বিচৰা মুখ্য কাৰণ, কেৱল শাৰীৰিক প্ৰয়োজনীয়তা নহয়।

File Photo
File Photo

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

সানোৱা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেনীৰ প্ৰতিষ্ঠাপক কৰ্মচাৰীৰ...

■ দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান সানোৱা মাদ্ৰাছা...

শিৱসাগৰত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

■ শিৱসাগৰ জিলাৰ নাম-তি মিছাজান ৰজাবাৰী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা এটা চিনাকি নাম "বাঘ"। উক্ত অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি...

‘এনইউজেআই আৰু জা’ ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

চৰকাৰে সাংবাদিক আৰু সংবাদ মাধ্যমৰ সামাজিক তথা অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰিব লাগিবঃ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী গুৱাহাটীঃ সাংবাদিকতা বৃত্তিটো এক...