■ নলবাৰী : নলবাৰী জিলাৰ টিহুৰ পখুৰা লখোপুৰ প্ৰাথমিক বিদ্যালয়ত আজি ‘এজাক পখীৰ কাকলি’, ‘মাছমৰীয়া ছোৱালী’, ‘সপোন’ আৰু ‘ওৱেছিচ’ শীৰ্ষক চাৰিখন পুথি উন্মোচন কৰা হয় । টিহুৰ সাহিত্য সংস্কৃতিক অনুষ্ঠান সুৰভি গোষ্ঠীৰ দ্বিবাৰ্ষিকপূৰ্ণ অনুষ্ঠান উপলক্ষে এই পুথিকেইখন উন্মোচন কৰা হয়। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে শিক্ষয়িত্ৰী– লেখিকা জুনু গোস্বামী ৰচিত কাব্যপুথি ‘ওৱেছিচ’ উন্মোচন কৰি দিয়া ভাষণত কয় যে প্ৰযুক্তিৰ মুক্ত ধাৰাই মানুহৰ পৰম্পৰাগতভাৱে গ্ৰন্থ পঢ়া অভ্যাসত ব্যাঘাত জন্মাইছে ।
পৰম্পৰাগতক বাদ দিয়া মানে আমাৰ বিপদ অৱশ্যম্ভাৱী বুলি দোহাৰি তেওঁ লেখক–লেখিকাসকলক সমাজৰ বাস্তৱ ছবি লেখাৰ জৰিয়তে সবলভাৱে প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্যক আগুৱাই লৈ যাবলৈ আহ্বান জনায় । দক্ষিণ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰীয়া অধ্যক্ষ ডঃ দিবাকৰ শৰ্মাই পখুৰা লখোপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিমানী দেৱী ৰচিত কাব্যপুথি ‘সপোন’ উন্মোচনৰ পাছত গ্ৰন্থ জীৱনৰ মহৌষধ বুলি ভাষণ আৰম্ভ কৰি গ্ৰন্থই মানৱ জীৱনক সঠিক পথত চলাত প্ৰধান ভুমিকা লৈ অহা অহাৰ কথ কয় । জনপ্ৰিয় নাট্যকাৰ-অভিনেতা হেমন্তৰাজ তালুকদাৰে গজেন গোস্বামীৰ ৰচিত অনুগল্প ‘মাছমৰীয়া ছোৱালী’ উন্মোচন কৰি দিয়া ভাষণত গল্প সাহিত্যই নাটকতো বিশেষ ভূমিকা লোৱা বুলি উল্লেখ কৰি গল্পই মনোজগতক নান্দনিক সুখ দিয়াৰ কথাও কয় । আকৌ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই দীপজ্যোতি শৰ্মাই সম্পাদনা কৰা কাব্যপুথি ‘এজাক পখিৰ কাকলি’ শীৰ্ষক পুথিখন উন্মোচন কৰি দিয়া ভাষণত শব্দৰ সাধক আৰু আখৰীয়াই সততে নতুন নতুন শব্দ প্ৰয়োগ কৰি সাহিত্য ৰচনা কৰে । সেয়ে সেই শব্দবোৰ ঘহি পিহি সাহিত্যত ব্যৱহাৰ কৰিলে সাহিত্যৰ গুণগত মান বাঢ়ে বুলিও তেওঁ কয় ।
উল্লেখযোগ্য যে নৱ্য প্ৰযুক্তিৰ মুক্তধাৰাৰ বিভিন্ন মাধ্যমত ইতিমধ্যে পৰিচিতি লাভ কৰা জিণ্টুমণি শৰ্মা, সোণতৰা দেৱী, অনামিকা দেৱী, জুনু গোস্বামী, পৰেশ কলিতা, পাপৰি দেৱী, পংকজ প্ৰতিম শৰ্মা, গজেন গোস্বামী, কিশোৰ কুমাৰ মেধি, কৰৱী দেৱী, দীপজ্যোতি শৰ্মা আৰু হিমানী দেৱীৰ একাধিক কবিতাৰে সমৃদ্ধ হৈছে ‘এজাক পখীৰ কাকলি’ কাব্যপুথি । সুৰভি গোষ্ঠীৰ সম্পাদক পংকজ প্ৰতিম শৰ্মাই অনুষ্ঠানৰ আয়োজনৰ উদ্দেশ্য বিৱৰি কোৱা আৰু তেৱেঁই আঁত ধৰা অনুষ্ঠানটোত অঞ্চলটোৰ কেবাগৰাকী বিশিষ্ট নাগৰিকে অংশ লয় । কাৰ্যসূচী অনুসৰি পুথি প্ৰণেতাসকলেও সাহিত্য ৰচনাৰ আঁৰৰ কথা ব্যক্ত কৰে । ভাৰতীয় দুৰ সংযোগ বিভাগৰ অৱসৰীয়া কৰ্মচাৰী তথা লেখক অজিত কুমাৰ শৰ্মাই বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।